বলীউড ক্ষেত্ৰখনত অভিনীত অথবা এই ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰত্যেকজন ব্যক্তিৰ ছবিৰ সমানে চৰ্চা লাভ কৰে তেওঁৰ ব্যক্তিগত জীৱনেও। তেওঁ ক’ত খাইছে বা কাৰ লগত খাইছে! তেওঁ ক’ত গৈছে অথবা কাৰ লগত গৈছে ইত্যাদি ইত্যাদি। দৰ্শকে সকলেও তেওঁৰ প্ৰিয় অভিনেতা-অভিনেত্ৰী গৰাকীৰ প্ৰত্যেকটো বস্তু চাবলৈ ইচ্ছা প্ৰকাশ কৰে । গতিকে তেনে ক্ষেত্ৰত তেওঁৰ ব্যক্তিগত জীৱনত কি চলিছে সি লৈ চৰ্চা লাভ কৰাটো নিশ্চিত। আজি আমি চাম বলীউডৰ এনে কেইটামান প্ৰেমিক যুঁটি; যাক একেলগে দেখি দৰ্শকে নিজৰ মাজতেই সুখ অনুভৱ কৰিছিল।
১. কৰীণা কাপুৰ আৰু শ্বাহিদ কাপুৰঃ

ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা তেওঁলোকৰ কেমেষ্ট্ৰি আছিল লেখত ল’বলগীয়া। পাঁচ বছৰ ধৰি দুয়োজনে দুয়োজনক ভাল পাই থকাৰ অন্তত “যব উয়ি মেট” ৰ শ্বুটিং ৰ পূৰ্বে দুয়োজনৰ ব্ৰেকআপ হয়। বৰ্তমান দুয়ো অইনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ এক সুখৰ সংসাৰ আগবঢ়াই নিছে।
২.আৰবাজ খান আৰু মালাইকা আৰোৰাঃ

১৮ বছৰীয়া সুখৰ সংসাৰ এখনত থকাৰ পিছত ২০১৭ চনৰ মে’ মাহত দুয়ো বেলেগ হৈ যায়। পুত্ৰ আৰহানক নিজৰ লগত ৰাখিলেও মালাইকাই নিজৰ পুত্ৰক পিতৃৰ কাষলৈ যাবলৈ বাধা নিদিয়ে।
৩.ৰণৱীৰ কাপুৰ আৰু দীপিকা পাডুকনঃ

দীপিকা এগৰাকী স্বাধীন মহিলা হোৱাৰ লগতে তেওঁ নিজৰ ব্যক্তিগত জীৱনক লৈ খুলি কথা কোৱা বিধৰ আছিল। ৰণৱীৰৰ কিছু ব্যৱহাৰৰ পৰা অভ্যস্ত হৈ অভিনেত্ৰী গৰাকীয়ে ৰণৱীৰৰ সৈতে ২০০৯ চনত ব্ৰেকআপ কৰে।
৪.ছলমান খান আৰু কেটৰিণা কাইফঃ

সকলো দৰ্শকেই ভাবিছিল যে কেটৰিণাই হয়তো হ’ব ছলমান খানৰ পত্নী। কিন্তু, নাই। ছলমান খানে কেটৰিণাকো নিদিলে নিজৰ পত্নীৰ স্থান।
৫.ঋত্বিক ৰোশন আৰু সুসেন খানঃ

নিজৰ ডেবিউ ছবিৰ পিছতে বিবাহ পাশত আবদ্ধ হৈছিল অভিনেতা গৰাকী। কিন্তু, ১৩ বছৰৰ সাংসাৰিক জীৱন কটোৱাৰ লগতে ৪ বছৰীয়া আদালতৰ ৰায়ৰ বাবে একেলগে থকাৰ পিছত ২০১৪ চনত দুয়োয়ে নিজৰ সম্বন্ধ ভাঙি পেলায়।
আপোনাৰো মনলৈ আহিছে নেকি বাৰু এনে কোনো প্ৰেমিকযুগলৰ নাম?? জানে যদি কমেন্ট কৰক আৰু আমাক জনাওঁক।
Add comment