Rupaliparda.com

“নাগিন” নাহে “বিগ বছ” লৈঃ

কমেডিয়ান সুনীল গ্ৰৱাৰ আৰু অভিনেতা অৰুণ মণ্ডলাৰ পিছত কালাৰ্ছৰ নাগিনে “বিগ বছ” ত অন্তৰ্ভূক্ত হ’বলৈ কৰিছে “না”। কালাৰ্ছ টিভিৰ জনপ্ৰিয় ধাৰাবাহিক “নাগিন” ৰ মূখ্য অভিনেত্ৰী সুৰভী জ্যোতিয়ে কালাৰ্ছৰে জনপ্ৰিয় ৰিয়েলিটী শ্ব’লৈ আহিবলৈ একাষাৰে “না” কৈছে।

"নাগিন" নাহে "বিগ বছ" লৈঃ 1


কিছুদিন পূৰ্বে হৈ যোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে কয় যে তেওঁ যোৱা দুইবছৰ ধৰি উক্ত ৰিয়েলিটী শ্ব’টো উপভোগ কৰি আছে। ইয়াত আহিবলৈ হ’লে বহুত সংযমতাৰ প্ৰয়োজন হয়; যিটোৰ বাবে বৰ্তমান সুৰভি “ফিট” নহয়।

"নাগিন" নাহে "বিগ বছ" লৈঃ 2


অভিনেত্ৰী গৰাকীৰ এই কথাৰ কোনো ধৰণৰ স্পষ্টীকৰণ বৰ্তমানলৈ হোৱা নাই। গতিকে, আহিবলগীয়া সময়তহে গম পোৱা যাব নাগিন “বিগ বছ” লৈ আহিবনে নাই!

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform