Rupaliparda.com
"মই শ্বাহৰুখ অথবা ছলমান নহয়"- ৰাম কাপুৰ 1

“মই শ্বাহৰুখ অথবা ছলমান নহয়”- ৰাম কাপুৰ

প্ৰায় দুটা দশক জুৰি ধাৰাবাহিক আৰু চিনেমা জগতৰ সৈতে জড়িত হৈ থকা ৰাম কাপুৰ বৰ্তমান তেওঁৰ “ফিট লুক” ৰ বাবে চৰ্চা লাভ কৰিবলৈ ধৰিছে। ৪৬ বছৰ পিছত তেওঁ এই গ্লেমাৰ জগতৰ সৈতে জড়িত এক সত্য দৰ্শকক জনায়।

"মই শ্বাহৰুখ অথবা ছলমান নহয়"- ৰাম কাপুৰ 2


তেওঁ কোনো শ্বাহৰুখ অথবা ছলমান খান নহয় বুলি কোৱাৰ লগতে তেওঁ কয় যে “মই কোনো ডাঙৰ ষ্টাৰ নহ’লেও মই আজি য’ত আছো তাত মোৰ নিজৰ অনুৰাগী বোৰ আছে। মই লগা হ’লে ৱেব চিৰিজ কৰো অথবা ধাৰাবাহিক আৰু নহ’লে চিনেমাই নকৰো কিয়; মোৰ পপুলাৰিটী কোনো ক্ষেত্ৰতে কম নাই হোৱা যেন মোৰ অনুভৱ হয়।”

"মই শ্বাহৰুখ অথবা ছলমান নহয়"- ৰাম কাপুৰ 3


যোৱা ২০ টা বৰ্ষই অভিনয়ৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত এই অভিনেতা গৰাকীয়ে লগতে কয় যে, “এই গ্লেমাৰৰ ক্ষেত্ৰখনত কাম পোৱা একেবাৰেই কঠিন। আনকি ইয়াত ৯০ শতাংশ লোকে অডিশ্বন দিয়েই নিজৰ সম্পূৰ্ণ জীৱন কটাই দিয়ে।”

"মই শ্বাহৰুখ অথবা ছলমান নহয়"- ৰাম কাপুৰ 4


ৰাম কাপুৰে এনেবোৰ কথা কোৱা লগতে নিজৰ দিনলিপিও দৰ্শকক জানিবলৈ দিয়ে। ১৩০ কিলো ওজনৰ পৰা ২৫-৩০ কিলো কমোৱা এই অভিনেতা গৰাকীক আগন্তুক সময়ত কেনে ধৰণৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব সেয়া হ’ব লক্ষণীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.