আকৌ এবাৰ ডাঙৰ পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব জেকী শ্ৰফ আৰু অনীল কাপুৰক। “ৰাম-লখন” ৰ উক্ত যুঁটিটোক পুনৰবাৰ ছবিগৃহলৈ আনিব সুভাষ ঘাইয়ে। ১৯৮৯ চনৰ চুপাৰহিট ছবি “ৰাম-লখন” ৰ কোনো চিকুৱেল নহয়; এই আহিবলগীয়া ছবিখন হ’ব একেবাৰেই নতুন ক্ৰাইম কমেডী। য’ত দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে এক গুৰুত্বপূৰ্ণ বাৰ্তাও প্ৰেৰণ কৰা হ’ব।


“ৰাম চন্দ কিশন চন্দ” শীৰ্ষক নামেৰে ছবিখন নিৰ্মাণৰ বাবে আগবাঢ়িছে সুভাষ ঘাই। ইয়াৰ স্ক্ৰীপ্ট সম্পূৰ্ণ কৰাৰ কথা কোৱাৰ লগতে তেওঁ কয় এইখন হ’ব এখন হাঁহি-স্ফূৰ্তিৰ ক্ৰাইম ষ্টৰী। উল্লেখ্য যে, অহা বছৰত আৰম্ভ কৰা হ’ব ছবিখনৰ শ্বুটিং।
Add comment