দিল্লীত এচি বিহীন কাঞ্চনজংঘা উপভোগ দৰ্শকৰ। প্ৰচণ্ড গৰমেও আঁতৰাব নোৱাৰিলে অনুৰাগীৰ জুবিন প্ৰেম। নতুন দিল্লী স্থিত চিনেপলিচ দি.এল.এফ প্লেচত এ.চি নোহোৱাকৈ জুবিনৰ অনুৰাগীয়ে চালে “কাঞ্চনজংঘা”। টিকেট কটা হোৱা পিছত যেতিয়া দৰ্শকে দৰ্শনীৰ বাবে উক্ত ছবিগৃহটোত উপস্থিত হৈছিল তেতিয়া তাৰ কৰ্তৃপক্ষই এ.চি নোহোৱাৰ ফলত ছবি আৰম্ভ নকৰো বুলি একেষাৰে মানা কৰি দিছিল।

কিন্তু, জুবিন লগতে অসমীয়া চলচিত্ৰৰ অনুৰাগী সকলৰ অনুৰোধত চিনেমাখন এ.চি নোহোৱাকৈ আৰম্ভ কৰিবলৈ বাধ্য হৈ পৰে ছবিগৃহটোৰ কৰ্তৃপক্ষ। উল্লেখ্য যে, এ.চি বিহীন ছবি উপভোগ কৰা দৰ্শকৰ প্ৰতি লক্ষ্য ৰাখি ছবিগৃহটোৰ কৰ্তৃপক্ষই সকলোকে শীতল পানীয়ৰ যোগান ধৰে।


কিন্তু মন কৰিবলগীয়া যে দিল্লীস্থিত উক্ত ছবিগৃহটোত ৭ চেপ্তেম্বৰত “কাঞ্চনজংঘা” ৰ বাবে বুক কৰা হৈছিল ৭০ শতাংশতকৈও অধিক টিকেট; কিন্তু তাৰ কৰ্তৃপক্ষই অতি গোপনভাবে ছবিখনৰ বাবে হ’বলগীয়া অনলাইন টিকেট বুকিং বন্ধ কৰি ৰাখিছে। গতিকে, এনেক্ষেত্ৰত প্ৰশ্ন হয় “কাঞ্চনজংঘা” ক মনে বিচৰা ধৰণে দিল্লীৰ দৰ্শকে উপভোগ কৰিব পাৰিবনে? জুবিন এই বিষয়ে জ্ঞাত নে? লগতে অসম বাহিৰত ছবিখনে কৰিবনে লাভ অৰ্জন?
এই বিষয়ে আপুনি কি ভাবে? কমেন্ট কৰক আপোনাৰ মতামত।
Add comment