দীপিকাৰ সৈতে শ্বুটিং সামৰি এইবাৰ বিক্ৰান্ত মেসীয়ে শ্বুটিং আৰম্ভ কৰিব য়ামী গৌতমৰ সৈতে। “ছপাক” ৰ শ্বুটিং সামৰি এইবাৰ বিক্ৰান্ত মেসী আহিব “গিন্নী ওৱেডছ সনী” ত। য’ত “সনী” ৰ চৰিত্ৰত অভিনয় কৰিব বিক্ৰান্তে আৰু “গিন্নী” ৰ চৰিত্ৰত অভিনয় কৰিব য়ামীয়ে।

উক্ত ছবিখন হৈছে এখন মেৰেজ ড্ৰামা; য’ত নায়কজনে অভিনেত্ৰী গৰাকীৰ প্ৰেমত পৰে কিন্তু অভিনেত্ৰী গৰাকী বিয়াৰ বাবে প্ৰস্তুত নহয়। উক্ত কাহিনীটোক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হ’ব এই ছবিখন।

উল্লেখ্য যে, গাজিয়াবাদ, নয়ডা আৰু মনালীত উক্ত ছবিখনৰ শ্বুটিং সম্পন্ন কৰা হ’ব।
Add comment