বলীউডৰ ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিবলৈ সহজে সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে বহু অভিনতাক। এইবাৰ এনে ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে কাৰ্তিক আৰিয়নে।


২০০৮ চনত মুক্তিপ্ৰাপ্ত ছবি “দোস্তানা” ত জন আব্ৰাহাম আৰু অভিষেক বচ্চনে ইজনে আনজনৰ প্ৰতি আকৰ্ষিত হোৱাৰ কেৱল নাটকহে কৰিছিল কিন্তু এইবাৰ “দোস্তানা-২” কাৰ্তিক আৰিয়ন আৰু লক্ষ্য সঁচাসঁচিকৈ ইজনে-সিজনৰ প্ৰতি আকৰ্ষিত হ’ব।
লক্ষ্যৰ বিপৰীতে জান্হৱী কাপুৰ নহয়; থাকিব কাৰ্তিকহে। এতিয়া আগন্তুক সময়তহে গম পোৱা যাব; ছবিখনে কিমান হহুৱাবলৈ সক্ষম হ’ব দৰ্শকক।
Add comment