Rupaliparda.com
কিয় আইনী ব্যৱস্থা ল'লে অমৃতাই?? 1

কিয় আইনী ব্যৱস্থা ল’লে অমৃতাই??

এগৰাকী অভিনেত্ৰীয়ে প্ৰায়ে সন্মুখীন হয় এনে কিছু পৰিস্থিতিৰ যিয়ে তেওঁলোকক ব্যতিব্যস্ত কৰি তোলে। ব্যস্ততাপূৰ্ণ দিনটোৰ অন্তত যেতিয়া দৰ্শকৰ ককৰ্থনাৰ ভাগ ল’বলগীয়া হয়; তেতিয়াহ’লে নিশ্চয়কৈ সেই শিল্পী গৰাকী মানসিক ভাৱে ভাঙি পৰাটো স্বাভাৱিক।

কিয় আইনী ব্যৱস্থা ল'লে অমৃতাই?? 2


এইবাৰ এনে ককৰ্থনাৰ সন্মুখীন হয় অসমীয়া চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈ। ৰিনোল্টৰ এখন নতুন গাড়ী মুকলি অনুষ্ঠানত উপস্থিত হৈ অভিনেত্ৰী গৰাকীয়ে চেণ্ডেল পিন্ধিয়ে জ্বলাইছিল এটা চাকি। সেইটো সময়তে তুলি লোৱা এখন ফটো ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। অভিনেত্ৰী গৰাকীয়ে চেণ্ডেল পিন্ধি চাকি জ্বলোৱাক লৈ বহু তথাকথিত অসমীয়াই তেওঁক “বিজতৰীয়া অসমীয়া” আখ্যা দিয়াৰ লগতে নতুন প্ৰজন্মৰ একাংশই নানান অশ্লীল ভাষাৰে তেওঁৰ ফটোখনত কমেন্ট প্ৰদান কৰে। অভিনেত্ৰী অমৃতাই সমগ্ৰ ঘটনাটোক উদ্দেশ্যি ফেচবুক যোগে এক ভিডিঅ’ আপলোড কৰে। তলত ইয়াৰ লিংক দিয়া হৈছে-

https://www.facebook.com/plugins/video.php?href=https%3A%2F%2Fwww.facebook.com%2Famritagogoimamata%2Fvideos%2F2376880882398276%2F&show_text=1&width=267

কিয় আইনী ব্যৱস্থা ল'লে অমৃতাই?? 3


আনহাতে, ৰূপালী পৰ্দাৰ ফালৰ পৰা অভিনেত্ৰী গৰাকীৰ সৈতে হোৱা কথা-বতৰাত তেওঁ জনাই যে- “মোক এনেবোৰ কথাই মানসিক ভাৱে ভাঙিব নোৱাৰে কাৰণ মই জানো, মই সংস্কৃতিক কেনেদৰে সন্মান জনাব লাগে। আছলতে, মোৰ খং উঠিছে আজিৰ ল’ৰা-ছোৱালী খিনিৰ ওপৰতহে। তেওঁলোকে পিতৃ-মাতৃক নজনোৱাকৈ এনেদৰে যি কাম কৰি আছে; সেয়া অসহ্যকৰ।”

কিয় আইনী ব্যৱস্থা ল'লে অমৃতাই?? 4


গতিকে, আগন্তুক সময়তহে গম পোৱা যাব অভিনেত্ৰী গৰাকীৰ এই আইনী ব্যৱস্থাৰ ফলত চচিয়েল মিডিয়াৰ আঁৰত লুকাই থকা এই লোকসমূহে নিজৰ মানকসিকতা সলনি কৰিব নে নাই!

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform