Rupaliparda.com
দীপলিনাৰ কি হ'ব দ্বিতীয়টো প্ৰজেক্ট?? - 1

দীপলিনাৰ কি হ’ব দ্বিতীয়টো প্ৰজেক্ট?? –

অসমীয়া শিল্পী সমূহৰ ভিতৰত অন্যতম হৈছে দীপলিনা ডেকা। সময় সময়ে বৃদ্ধি পাবলৈ ধৰিছে তেওঁৰ অনুৰাগীৰ সংখ্যাও। তেওঁৰ কন্ঠৰ প্ৰত্যেকটো গীতেই ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত; লগতে গায়িকা গৰাকীয়ে প্ৰশংসাও বুটলিছে যথেষ্ট।

দীপলিনাৰ কি হ'ব দ্বিতীয়টো প্ৰজেক্ট?? - 2


এইবাৰ আহি আছে দীপলিনাৰ কন্ঠত দ্বিতীয়টো প্ৰজেক্ট “মৰমৰ অভিযান”। “দীপলিনা ডেকা লভ চিৰিজ” টেগ লাইনৰ সৈতে অভিনেত্ৰী ও গায়িকা গৰাকীয়ে আপলোড কৰে এক ষ্টেটাছ। উক্ত বিষয়টোৰ ওপৰত কোনো ধৰণৰ বিতং খবৰ নিদিলেও শিল্পী গৰাকীয়ে আপলোড কৰা পোষ্টটোক লৈয়ে উৎসাহী হৈ পৰিছে এতিয়া দৰ্শক।

দীপলিনাৰ কি হ'ব দ্বিতীয়টো প্ৰজেক্ট?? - 3
দীপলিনাৰ কি হ'ব দ্বিতীয়টো প্ৰজেক্ট?? - 4


“চুই দিয়ানা” গীতটিত কন্ঠদান কৰা সুমধুৰ কন্ঠৰ গৰাকী এই গায়িকা গৰাকীয়ে এতিয়া গীতৰ লগতে নিজৰ প্ৰতিটো কথা অথবা প্ৰত্যেকখন ফটোৰেই হৃদয় জিনিবলৈ সক্ষম হৈছে দৰ্শকৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform