Rupaliparda.com
আচুৰ্য্যৰ কন্ঠত "মিনি তৌৰ পিছে পিছে"- 1

আচুৰ্য্যৰ কন্ঠত “মিনি তৌৰ পিছে পিছে”-

আচুৰ্য্য বৰপাত্ৰৰ কন্ঠত মুক্তি পালে “মিনি তৌৰ পিছে পিছে”। ইটোৰ পিছত সিটো সংগীত মুক্তিৰে জনপ্ৰিয়তা লাভ কৰা আচুৰ্য্য বৰপাত্ৰৰ বৰ্তমান অনুৰাগীৰ সংখ্যা যথেষ্ট। ভক্তিমূলক গীতেৰে সমৃদ্ধ “সাঁচিপাত” ৰ বৃহৎ সফলতাৰ পিছত শিল্পী গৰাকীৰ “মিনি তৌৰ পিছে পিছে” শীৰ্ষক সংগীতটিও লাভ কৰিছে দৰ্শকৰ সমাদৰ।

আচুৰ্য্যৰ কন্ঠত "মিনি তৌৰ পিছে পিছে"- 2


আচ্ছা, আপোনালোক হয়টো নিশ্চয় ৰৈ আছে তেওঁৰ আহিবলগীয়া সংগীত সমূহৰ বিষয়ে জানিবলৈ। তেন্তে আপোনালোকক জনাই থওঁ যে, ৫-৬ টা গীতেৰে সমৃদ্ধ “কাহিনী” নামৰ এলবামটিত বৰ্তমান ব্যস্ত হৈ আছে শিল্পী গৰাকী। ইয়াৰ লগতে, আচুৰ্য্যৰ কন্ঠত আকৌ মুক্তি পাব নতুন এটি গীত “বৰষুণ”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform