দীৱালীত দৰ্শকে দেখিবলৈ পাব বলীউডৰ এক নতুন যুঁটিক। “জজমেন্টেল হে কিয়্যা” ৰ সফলতাৰ পিছত ৰাজকুমাৰে লৈ আহিছে এখন নতুন ছবি “মেড ইন চাইনা”। ৰাজকুমাৰ সৈতে ছবিখনত অভিনয় কৰিব মৌনী ৰয়ে।

ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ। অভিনেতা ৰাজকুমাৰ ৰাওঁয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টত আপলোড কৰে ছবিখনৰ পোষ্টাৰ; য’ত তেওঁ কেপছন দিয়ে- “বটল খুলিব আৰু বাহিৰ হ’ব জুগাৰৰ ৰাজ”। অহা ১৮ চেপ্তেম্বৰত দৰ্শকৰ মাজত আগবঢ়াই দিয়া হ’ব “মেড ইন চাইনা” ৰ ট্ৰেইলাৰ।

উক্ত পোষ্টাৰ খনত ৰাজকুমাৰ আৰু মৌনী সৈতে দেখিবলৈ পোৱা গৈছে সুমিত ব্যাস আৰু গজৰাৰ ৰাওঁক। মিখিল মুসালেৰ নিৰ্দেশনত নিৰ্মাণ কৰা হ’ব ছবিখন।
Add comment