Rupaliparda.com
নিৰামিষভোজী অভিনেতা-অভিনেত্ৰীৰ তালিকা- 1

নিৰামিষভোজী অভিনেতা-অভিনেত্ৰীৰ তালিকা-

বলীউডত এনে বহুত অভিনেতা-অভিনেত্ৰী আছে যি নিজৰ “ডাইট-লিষ্ট” ত কেৱলমাত্ৰ সেউজীয়া শাক-পাচলিকেই প্ৰাধান্য দিয়ে। নিজক “ফিট এণ্ড ফাইন” ৰখাৰ স্বাৰ্থতো এনে অভিনেতা-অভিনেত্ৰীয়ে আমিষৰ পৰা নিৰামিষভোজীলৈ পৰিৱৰ্তিত হৈছে। চাওঁ আহক নিৰামিষভোজী কিছু অভিনতা -অভিনেত্ৰীৰ নাম-

১ঃ অমিতাভ বচ্চন

নিৰামিষভোজী অভিনেতা-অভিনেত্ৰীৰ তালিকা- 2


২০০০ চনত দেহক সুস্থ কৰি ৰখাৰ বাবে অমিতাভ বচ্চনে মাছ-মাংস এৰি সম্পূৰ্ণ নিৰামিষভোজী হৈ পৰিছিল যাৰ ফলত তেওঁক ২০০২ চনত “পেট” অৰ্থাৎ পিপল ফ’ৰ দা এথিকেল ট্ৰিটমেন অফ এনিমেলৰ দ্বাৰা “হ’টেষ্ট ভেজেটেৰিয়ান এলাইভ” ৰ বঁটা প্ৰদান কৰা হয়।

২. ছাহিদ কাপুৰ

নিৰামিষভোজী অভিনেতা-অভিনেত্ৰীৰ তালিকা- 3


পিতৃ পংকজ কাপুৰৰ দ্বাৰা উপহাৰ দিয়া “লাইফ ইজ ফে’ৰ” নামৰ কিতাপখনৰ দ্বাৰা অনুপ্ৰাণিত হৈ ২০০৩ চনত ছাহিদ কাপুৰ নিৰামিষভোজীলৈ ধাৱমান হয় পৰে।

৩. আলিয়া ভাট

নিৰামিষভোজী অভিনেতা-অভিনেত্ৰীৰ তালিকা- 4


গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ২০১৫ চনত অভিনেত্ৰী গৰাকীয়ে মাংস এৰি দিয়ে আৰু পিছলৈ তেওঁ মাছ খোৱাৰ পৰাও অব্যাহতি লয়। নিৰামিষভোজী হোৱা পিছৰ পৰাই অভিনত্ৰী গৰাকীয়ে নিজক পাতল,ঠাণ্ডা আৰু ধুনীয়া অনুভৱ কৰা বুলিও উল্লেখ কৰে।

৪. জন আব্ৰাহাম

নিৰামিষভোজী অভিনেতা-অভিনেত্ৰীৰ তালিকা- 5


বলীউডত দেখিবলৈ পোৱা ফিট ব’ডিৰ অভিনেতাৰ ভিতৰত জন আব্ৰাহামো এজন। তেওঁ জীৱ-জন্তু ভালপোৱাৰ বাবেই নিৰামীষভোজীলৈ ধাৱমান হোৱা লগতে মাংস অবিহনেই নিজৰ ব’ডিক ফিট কৰি ৰখাৰ উদ্দেশ্য হৈছে অভিনেতা গৰাকীৰ।

৫. জেকলিন ফাৰ্ণাণ্ডেজ

নিৰামিষভোজী অভিনেতা-অভিনেত্ৰীৰ তালিকা- 6


২০১৩ চনত মাংস খাবলৈ এৰা অভিনেত্ৰীগৰাকীয়ে ২০১৪ চনত “পেটা” ৰ ফালৰ পৰা “ৱ’মেন অৱ ডা ইয়েৰ” ৰ খিতাপ লাভ কৰে। অভিনেত্ৰীগৰাকীয়ে বৰ্তমান নিজ ইনষ্টাগ্ৰাম একাউণ্টত বহু নিৰামিষ খাদ্য প্ৰণালীৰ পষ্ট কৰাৰ লগতে এই খাদ্যই নিজৰ দেহ তথা পৰিৱেশৰ বাবেও যে উপকাৰী তাকো প্ৰকাশ কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.