Rupaliparda.com
ক'ত ক'ত হ'ব "ৰত্নাকৰ"ৰ প্ৰচাৰ?? 1

ক’ত ক’ত হ’ব “ৰত্নাকৰ”ৰ প্ৰচাৰ??

“ৰত্নাকৰ” ৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈছে সমগ্ৰ অসমীয়া ছবি অনুৰাগী। অসমৰ সকলো ঠাইতে উপস্থিত হৈ “ৰত্নাকৰ” সমূহ অভিনেতা-অভিনেত্ৰীয়ে চলাইছে ছবিখনৰ প্ৰচাৰ। উল্লেখ্য যে ছবিখনৰ পোষ্টাৰ, দুটিকৈ গীত আৰু ট্ৰেইলাৰে ইতিমধ্যে সাধাৰণ জনৰ পৰা লাভ কৰিছে সমাদৰ।

ক'ত ক'ত হ'ব "ৰত্নাকৰ"ৰ প্ৰচাৰ?? 2
ক'ত ক'ত হ'ব "ৰত্নাকৰ"ৰ প্ৰচাৰ?? 3


ইয়াৰ উপৰিও, “ৰত্নাকৰ”-এ বৰ্তমানলৈ প্ৰচাৰ চলোৱা প্ৰত্যেকটো ঠাইতে দেখিবলৈ পোৱা গৈছিল সৰুৰ পৰা ডাঙৰলৈ সকলো পৰ্যায়ৰ লোকৰ ভিৰ।


আপোনালোকক জনাই থওঁ যে গুৱাহাটীৰ বিভিন্ন অঞ্চলকে ধৰি সৰভোগ, মংগলদৈ আদি কেইবাটাও ঠাইত প্ৰচাৰ চলোৱা ছবিখনে বৰ্তমান প্ৰচাৰ আৰম্ভ কৰিব উজনি অসমৰ বিভিন্ন ঠাইত ক্ৰমে তেজপুৰ, ধেমাজি, লখিমপুৰ, শিৱসাগৰত লগতে ২৯ তাৰিখে “ৰত্নাকৰ” উপস্থিত হ’ব ৰঙিয়া, তামুলপুৰ আদি ঠাইত।

ক'ত ক'ত হ'ব "ৰত্নাকৰ"ৰ প্ৰচাৰ?? 4
“ৰত্নাকৰ” ছবিখনৰ এক সুন্দৰ গীত”


ইয়াৰ পৰাই বোধগম্য হয় যে, “ৰত্নাকৰ” ৰ দ্বাৰা অসমীয়া ছবিৰ ভেঁটি মজবুত কৰিবলৈ এতিয়া উঠি-পৰি লাগিছে সকলো অভিনেতা-অভিনেত্ৰী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.