Rupaliparda.com
"গুৰুত্বপূৰ্ণ বস্তুবোৰ বিবাহৰ পিছত গুৰুত্বহীন হৈ যায়"- অক্ষয় খান্না 1

“গুৰুত্বপূৰ্ণ বস্তুবোৰ বিবাহৰ পিছত গুৰুত্বহীন হৈ যায়”- অক্ষয় খান্না

বলীউডৰ অভিজ্ঞ অভিনেতা সমূহৰ ভিতৰত এগৰাকী উল্লেখযোগ্য অভিনেতা হ’ল অক্ষয় খান্না। যোৱা কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “সেক্সন ৩৭৫” ত অভিনেতাগৰাকীৰ অভিনয়ৰ প্ৰশংসা কৰিছিল বহু দৰ্শকে। সকলো ফালৰ পৰা ফিট এই অভিনেতাগৰাকীয়ে কিন্তু নিবিচাৰে বিবাহ পাশত আবদ্ধ হ’বলৈ।

"গুৰুত্বপূৰ্ণ বস্তুবোৰ বিবাহৰ পিছত গুৰুত্বহীন হৈ যায়"- অক্ষয় খান্না 2


নিজৰ সম্পৰ্কক লৈ কোনোদিনেই চৰ্চালৈ অহা নাই এই অভিনেতা গৰাকী। আনহাতে, অক্ষয় খান্নাই নিজেই এটা সাক্ষাৎকাৰ যোগে জনায় যে তেওঁ বিবাহৰ প্ৰতি আকৃষ্ট নহয়। কিয়নো, বিবাহৰ পিছত সকলো বস্তুয়ে সলনি হৈ যায়। তেওঁ নিজৰ জীৱন নিজ দায়বদ্ধতাত জীয়াব বিচাৰে।

"গুৰুত্বপূৰ্ণ বস্তুবোৰ বিবাহৰ পিছত গুৰুত্বহীন হৈ যায়"- অক্ষয় খান্না 3


ইয়াৰ উপৰিও তেওঁ কয় যে, ” বিবাহৰ পূৰ্বে যিবোৰ বস্তু মোৰ বাবে গুৰুত্বপূৰ্ণ হৈ থাকে সেইবোৰ বিবাহৰ পিছত গুৰুত্বহীন হৈ যায়; সেইবাবেই মই বিবাহত বহিব নুখুজো।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.