Rupaliparda.com
ৰীমা দাসৰ অনুভৱ আৰু "বুলবুল কেন ছিং"- 1

ৰীমা দাসৰ অনুভৱ আৰু “বুলবুল কেন ছিং”-

বহু প্ৰত্যাশিত “বুলবুল কেন ছিং”-এ মুক্তিৰ পিছতেই সঁহাৰি লাভ কৰিছে হাজাৰ হাজাৰ দৰ্শকৰ লগতে অসমীয়া চলচিত্ৰ জগতৰ সৈতে জড়িত বহু কেইজন গণ্য-মান্য ব্যক্তিৰো। ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পিছত ঘৰুৱা দৰ্শকৰো প্ৰশংসা বুটলিবলৈ সক্ষম হৈ পৰিল উক্ত ছবিখনে।

ৰীমা দাসৰ অনুভৱ আৰু "বুলবুল কেন ছিং"- 2


ছবিখনৰ কাহিনী তথা পৰিচালনাৰ বাবে ৰীমা দাসক প্ৰত্যেকজনে শুভেচ্ছা জ্ঞাপন কৰিলে লগতে অসমীয়া চলচিত্ৰক এক নতুন গতি প্ৰদান কৰাৰ বাবে ধন্যবাদো জ্ঞাপন কৰিলে।

ৰীমা দাসৰ অনুভৱ আৰু "বুলবুল কেন ছিং"- 3
ৰীমা দাসৰ অনুভৱ আৰু "বুলবুল কেন ছিং"- 4


“বুলবুল কেন ছিং” ৰ এই বৃহৎ সফলতাৰ পিছত ৰূপালী পৰ্দাই পৰিচালক ৰীমা দাসক তেওঁৰ অনুভৱৰ বিষয়ে সোধাত তেওঁ কয় যে, “প্ৰথমখন ছবি “ভিলেজ ৰকষ্টাৰ” এ দৰ্শকৰ সঁহাৰি লাভ কৰাৰ লগতে ছবিখনে অস্কাৰলৈও মনোনীত হৈছিল। সেইটো সময়ৰ পৰা মই মোৰ পিছৰ ছবি “বুলবুল কেন ছিং” কেনেকুৱা হ’ব তাক লৈ শংকাত আছিলো। এই ছবিখনো যেতিয়া সকলোৱে চাবলৈ আহিছিল তেতিয়াও শংকাত ভুগিছিলো যে “কেনেকুৱা হ’ব?? কোন কি ক’ব??” কিন্তু, যেতিয়া সকলোবোৰ দৰ্শকৰ লগতে মাননীয় মূখ্যমন্ত্ৰী তথা অসমীয়া চলচিত্ৰ জগতৰ বহুখিনি তাৰকাই যেতিয়া ছবিখনক প্ৰশংসা কৰিলে; তেতিয়া বহুত ভাল লাগিছিল আৰু সেয়াই আছিল মোৰ আনন্দ”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.