ছৈয়দ আব্দুল মালিকৰ “জেতুকা পাতৰ দৰে” উপন্যাসখনৰ ভিত্তিত পৰিচালক যদুমণি দত্তই নিৰ্মাণ কৰিছিল “জেতুকা পাতৰ দৰে” বোলছবিখন। ৯০ মিনিট দৈৰ্ঘ্যৰ বোলছবিখনে ৫৮তম ৰাষ্ট্ৰীয় চলচিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিছিল। ২০১১ চনৰ ১৯ আগষ্ট তাৰিখে মুক্তিপ্ৰাপ্ত বোলছবিখনৰ প্ৰযোজনা কৰিছে মো: নুৰুল চুলতানে।

১৯৭০ দশকৰ এখন পিছপৰা গাওঁ। শিক্ষিতৰ পৰিমাণ তেনেই নগন্য। আৰু তেনে শিক্ষিতৰ দুই-তিনিজন লোকে গাঁৱৰ অসাক্ষৰ লোকৰ উন্নতি কৰিব এৰি তেওঁলোকক আৰু অধিক জুৰুলা কৰাতহে বেছি আগ্ৰহী হৈ থাকে। প্ৰত্যেক বছৰৰ বানপানীয়ে থকা-সৰকা কৰা গাওঁবাসীৰ একমাত্ৰ আশা হৈছে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৰাধাৰ ওপৰত। সকলো মেল-মিতিং তথা গাওঁৰ সৰু-বৰ কথাত আগভাগ লোৱা ৰাধাই গাঁৱত কিছু পৰিৱৰ্তন অনাৰ চেষ্টা কৰে। তাই আনিবলৈ বিচৰা এই পৰিৱৰ্তনৰ বাটত হেঙাৰ হৈ থিয় দিয়ে গাঁৱৰে ঠিকাদাৰ যমুনা হাজৰিকাই। ৰাধাৰ প্ৰত্যেকটো কামত লগ দিয়া, তাইৰ শুভাকাংক্ষী ৰজতৰ সৈতেও নিষ্পাপ প্ৰেমৰ কাহিনীও দেখুওৱা হৈছে বোলছবিখনত।এয়াই হৈছে চিনেমাখনৰ কাহিনীভাগ।


বোলছবিখনৰ যোগেদি দৰ্শকক সমাজৰ নিম্নশ্ৰেণীৰ ওপৰত চলি থকা দূৰ্নীতি,শোষণ আদিৰ এখন জীয়া ছবি দেখুৱাবলৈ চেষ্টা কৰিছে পৰিচালক যদুমণি দত্তই। গ্লেমাৰহীন আইমী বৰুৱাই “ৰাধা” চৰিত্ৰত কৰা অভিনয়ে দৰ্শকক আকৰ্ষণ কৰিছে। পঢ়া-শুনা নজনা স্বত্বেও “ৰজত” ৰ চৰিত্ৰত থকা ৰাগ ঐনিতম ৰ অভিনয় হৃদয়স্পৰ্শী। শব্দৰে প্ৰকাশ নকৰিলেও ৰজতৰ “ৰাধা” ৰ প্ৰতি থকা প্ৰেম ভংগিমাৰে সুন্দৰকৈ প্ৰকাশ কৰা হৈছে বোলছবিখনত। অসমীয়া চলচিত্ৰৰ প্ৰায় অভিনেতা-অভিনেত্ৰী দেখা পোৱা গৈছে চিনেমাখনত। অৰুণ হাজৰিকা, বিষ্ণু খাৰঘৰীয়া, পবিত্ৰ বৰুৱা, জয়ন্ত ভাগৱতী, বিকি, কপিল বৰুৱা, গুণ মহন্ত, দিলীপ ৰঞ্জন দত্ত, পদ্মৰাগ গোস্বামী, ৰীণা বৰা, ভ্ৰান্তি মেধি আদি কেইবাখনো চিনাকী মুখৰ সমাগম ঘটিছে বোলছবিখনত। চৰিত্ৰ সমূহৰ নিখুঁট উপস্থাপন কৰা হৈছে “জেতুকা পাতৰ দৰে” ত।


গোলাঘাট আৰু দেৰগাঁও অঞ্চলত দৃশ্যগ্ৰহণ কৰা বোলছবিখনত ব্যৱহৃত বানপানীৰ দৃশ্যাংশবোৰ প্ৰকৃত। “অগ্নিসাক্ষী” ৰ পিছত যদুমণি দত্তই কৰা তেওঁৰ এইখন দ্বিতীয়খন ছবি। বোলছবিখনত জুবিন গাৰ্গে কণ্ঠদান কৰা আৱহ সংগীত “জেতুকা পাতৰ দৰে” ই বৰ্তমানেও জনপ্ৰিয়তা লাভ কৰি আছে।
Add comment