ছেইফ আলি খান তথা কৰিশ্মা কাপুৰৰ সৈতে কৰীণা কাপুৰ খানে উদযাপন কৰিলে নিজৰ ৩৯ সংখ্যক জন্মদিন। পটোদী পেলেচত উদযাপিত অভিনেত্ৰী গৰাকীৰ জন্মদিনৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত।

বলীউডৰ ষ্টাইলিচ অভিনেত্ৰীৰ ভিতৰত এগৰাকী হৈছে কৰীণা ওৰফে “বেবো”। কিন্তু, জন্মদিনৰ দিনা অভিনেত্ৰী গৰাকীক দেখা গ’ল সাধাৰণ লুকত। বগা কুৰ্টা-পাইজামা পৰিধান কৰি নিজৰ বাসগৃহত জন্মদিন উদযাপন কৰিলে কৰীণাই। চাওঁ আহক তেওঁৰ জন্মদিনৰ ভিডিঅ’ তথা ফটো-
আপোনালোকক জনাই থওঁ যে, কৰীণা কাপুৰক আগন্তুক সময়ত “গুড ন্যুজ” শীৰ্ষক ছবিখনত অক্ষয় কুমাৰ তথা দিলজিত দোসাঞ্জ আৰু কিয়াৰ আদৱানীৰ সৈতে দেখিবলৈ পোৱা যাব। ইয়াৰ লগতে, অভিনেত্ৰী গৰাকীক “তখ্ত” ছবিখনত দৰ্শকে দেখিবলৈ পাব।
Add comment