Rupaliparda.com
অন্ধবিশ্বাসী জান্হৱীঃ 1

অন্ধবিশ্বাসী জান্হৱীঃ

গ্লেমাৰেচ লাইফ ষ্টাইল এটাৰ লগতে চিলেব্ৰেটী সমূহৰ এটা ব্যক্তিগত জীৱনো থাকে য’ত তেওঁলোকৰ কিছুমান “লাকী চাৰ্ম” অথবা কিছুমান তেওঁলোকৰ অন্ধবিশ্বাসো জড়িত হৈ থাকে। অৱশ্যে, তেওঁলোকৰ এই অন্ধবিশ্বাসৰ বিষয়ে বহু কম লোকহে জ্ঞাত।

অন্ধবিশ্বাসী জান্হৱীঃ 2


এনেক্ষেত্ৰত জান্হৱী কাপুৰৰ এক অন্ধবিশ্বাসৰ কথা অভিনেত্ৰী গৰাকীয়ে নিজেই ব্যক্ত কৰে। আছলতে, সোনম কাপুৰৰ ছবি “ডা জয়া ফেক্টৰ” ৰ প্ৰমোচনৰ বাবে উক্ত ভিডিঅ’টি শ্বেয়াৰ কৰে জান্হৱীয়ে।


অভিনেত্ৰী গৰাকীয়ে ভিডিঅ’টো যোগে জনাই যে তেওঁ যেতিয়া কোনো শ্বুটিং অথবা গুৰুত্বপূৰ্ণ কামৰ বাবে ওলাই যায়; তেতিয়া তেওঁ সদায় নিজৰ সোঁ ভৰিখনেৰে কোঠাটোত প্ৰৱেশ কৰে। আৰু; যদিহে কোনো কাৰণবশতঃ এনেকুৱা নহয় তেতিয়াহ’লে তেওঁৰ পুনৰ বাহিৰলৈ গৈ সোঁ ভৰিখনেৰেহে প্ৰৱেশ কৰে।

Add comment

Leave a Reply

Most popular