পশ্চিমবংগস্থিত ৰাণাঘাট ৰেলৱে ষ্টেচনত গীত গাই চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ৰাণু মণ্ডলৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হ’ব ছবি। ৰেলৱে ষ্টেছনত “প্যাৰ কা নাগমা হে” গীতটি গাই ভাইৰেল হৈ পৰা ৰাণু মণ্ডল বৰ্তমান বলীউডৰ চিলেব্ৰেটী। পত্ৰকাৰৰ পৰা এগৰাকী স্বাধীন ছবি নিৰ্মাতালৈ ধাৱমান হোৱা হৃষিকেশ মণ্ডলে নিৰ্মাণ কৰিব “প্লেটফৰ্ম চিংগাৰ ৰাণু মণ্ডল” শীৰ্ষক ছবিখন।

ছবিখনৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত বঙালী অভিনেত্ৰী সুদীপ্তা চক্ৰৱতীক কোৱা হৈছে যদিও তেওঁ বৰ্তমানলৈ কোনোধৰণৰ সন্মতি প্ৰদান কৰা নাই। তেওঁ কয় যে, “হয় মোৰ সৈতে কথা-বতৰা চলছিল কিন্তু এতিয়ালৈ স্ক্ৰীপ্ট দিয়া হোৱা নাই। গতিকে মই স্ক্ৰীপ্ট পঢ়িহে জনাম যে মই এই চৰিত্ৰটো ৰূপায়ন কৰিম নে নাই!”


এইক্ষেত্ৰত আকৌ পৰিচালক হৃষিয়ে কয় যে, ” সুদীপ্তা চক্ৰৱতীয়ে বৰ্তমানলৈ ছবিখনৰ বাবে কোনোধৰণৰ মতামত দিয়া নাই; কিন্তু মোৰ মতে এই চৰিত্ৰটোক জীৱন্ত কৰি তুলিবলৈ একমাত্ৰ সুদীপ্তাইহে পাৰিব।” লগতে, পৰিচালক গৰাকীৰ মতে, ৰেলৱে ষ্টেচনত গান গোৱাৰ পৰা ধৰি বলীউডৰ যাত্ৰালৈ ৰাণু মণ্ডলৰ ওপৰত জীৱনী নিৰ্মাণ কৰাটো প্ৰয়োজনীয় আৰু ৰাণু “বায়’পিক” ৰ বাবে যোগ্য।
সংগৃহীতঃ https://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/sudipta-chakraborty-has-been-offered-the-role-of-ranu-mondal-for-her-biopic/articleshow/71309856.cms
Add comment