পাৱাৰ আৰু একচন সমৃদ্ধ “মৰজাঁৱা” ছবি খনৰ ইতিমধ্যে মুক্তি কৰি দিয়া হৈছে ট্ৰেইলাৰ। ফাৰ্ষ্ট লুক পোষ্টাৰৰ তুলনাত দৰ্শকৰ আৰু অধিক দৃষ্টি আকৰ্ষণ কৰিছে ছবিখনৰ ট্ৰেইলাৰে। চলিত বৰ্ষৰ ৮ নৱেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনত দেখিবলৈ পোৱা যাব এটা নতুন যুঁটি; সেইটো হৈছে সিদ্ধাৰ্থ মালহোত্ৰা আৰু তাৰা সুতাৰিয়াৰ।
মিলাপ জাৱেৰীৰ দ্বাৰা পৰিচালিত এই ছবিখনত নিগেটিভ চৰিত্ৰত অভিনয় কৰিছে ৰিতেশ দেশমুখে। এজন চাপৰ-চুটি মানুহৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৰিতেশে। তাৰা সুতাৰিয়াৰ “ষ্টুডেন্ট অৱ দা ইয়েৰ” ছবিখনত দৰ্শকে দেখা লুকতকৈ; এই ছবিখনত সম্পূৰ্ণ বেলেগ ৰূপত দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক লগতে এই ছবিখনত তাৰাই এগৰাকী “বোবা” ৰ চৰিত্ৰত অভিনয় কৰিছে।

ছবিখনৰ ট্ৰেইলাৰটোৱে দৰ্শকৰ মনত উৎস্যুকতাৰো সৃষ্টি কৰিছে। উল্লেখ্য যে, ৰিতেশ দেশমুখ আৰু সিদ্ধাৰ্থ মালহোত্ৰাক পূৰ্বতেও এখন ৰোমান্টিক-একচন ছবি “এক ৱিলেন” ত দেখিবলৈ পোৱা গৈছিল।
Add comment