সঞ্জয় লীলা ভন্সালিৰ আহিবলগীয়া “ইনছাল্লাহ” শীৰ্ষক ছবিখনৰ বন্ধৰ খবৰ অহাৰ পিছতেই তেওঁৰ আহিবলগীয়া ছবিত কোন থাকিব/ কোন নাথকিব আদি বিভিন্ন প্ৰশ্নই বলীউডৰ লগতে সাধাৰণজনৰ জীৱনতো চৰ্চা লাভ কৰিছিল। “ইনছাল্লাহ” ৰ জৰিয়তে আলিয়াই ভন্সালিৰ সৈতে কাম কৰাৰ সপোন দেখিছিল যদিও ছবিখন বন্ধৰ খবৰে অভিনেত্ৰী গৰাকীকো কিছু দিনলৈ হতাশগ্ৰস্ত কৰি তুলিছিল।

কিন্তু, এতিয়া আৰু চিন্তাৰ কাৰণ নাই। আলিয়াই “ইনছাল্লাহ” ৰ জৰিয়তে নহ’লেও “গংগুবাই” ৰ যোগৰে কাম কৰিব ভন্সালিৰ সৈতে। হুসেন জেদীৰ নোৱেল “মাফিয়া কুইন অৱ মুম্বাই” ৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই ছবিখনত “গংগুবাই কোঠেৱালী” ৰ আত্মজীৱনী দেখুওৱা হ’ব।


কম বয়সতে বেশ্যাবৃত্তিত জোৰ কৰি ভৰাই দিয়া গংগুবাইয়ে পিছলৈ নিজেই এগৰাকী বেশ্যাবৃত্তিৰ দালাল হিচাপে মুম্বাইত প্ৰতিষ্ঠা লাভ কৰে। তেওঁৰ গ্ৰাহক হিচাপে থাকে ডাঙৰ ডাঙৰ দালাল আৰু ক্ৰিমিনেল। “গংগুবাই” ৰ এই জীৱন কাহিনীৰ ওপৰত আধাৰিত ছবিখনতেই নায়িকাৰ চৰিত্ৰত থাকিব আলিয়া ভাট।

কিন্তু, ছবিখনৰ নায়ক ৰূপত ৰণৱীৰ কাপুৰক বিচৰা হৈছিল যদিও তেওঁ নাকচ কৰে এই প্ৰস্তাৱ। পূৰ্বতেও অভিনেতা গৰাকীয়ে ভন্সালিৰ সৈতে কাম কৰা ক্ষেত্ৰত অমান্তি হৈছিল। আছলতে, বহু চৰ্চিত এই প্ৰেমিকদ্বয়ে তেওঁলোকৰ আহিবলগীয়া ছবি “ব্ৰহ্মাস্ত” ৰ যোগেৰে চাব বিচাৰিছে যে দৰ্শকে তেওঁলোকক অন স্ক্ৰীণ কেনেদৰে আদৰি লয়!
সংগৃহীতঃ https://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/has-ranbir-kapoor-declined-to-work-with-alia-bhatt-in-gangubai/articleshow/71304713.cms
Add comment