Rupaliparda.com
ব্যতিক্ৰমী নৃত্যৰ অধিকাৰী দেৱ আনন্দৰ জন্মদিনঃ 1

ব্যতিক্ৰমী নৃত্যৰ অধিকাৰী দেৱ আনন্দৰ জন্মদিনঃ

নৃত্যৰ ব্যতিক্ৰমী ভংগিমাৰে জনপ্ৰিয় হৈ উঠা লগতে ৫০-৬০ দশকৰ বলীউডৰ জনপ্ৰিয় অভিনেতা দেৱ আনন্দৰ ৯৭সংখ্যক জন্মদিন উদযাপন। উক্ত দশকত প্ৰায় তিনি গৰাকী মান অভিনেতাৰ জয়জয়-ময়ময় হৈছিল; তাৰে ভিতৰত দেৱ আনন্দৰ নাম উল্লেখনীয়।

ব্যতিক্ৰমী নৃত্যৰ অধিকাৰী দেৱ আনন্দৰ জন্মদিনঃ 2
ব্যতিক্ৰমী নৃত্যৰ অধিকাৰী দেৱ আনন্দৰ জন্মদিনঃ 3


তেওঁৰ আত্মজীৱনী “ৰোমাসিং উইথ লাইফ” ত লিখা আছে যে, তেওঁ অভিনেত্ৰী সুৰেয়াৰ প্ৰেমত পৰিছিল কিন্তু ধৰ্ম ভিন্ন হোৱাৰ ফলত তেওঁ অভিনেত্ৰী গৰাকীৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ব নোৱাৰিলে। তাৰ পিছত ১৯৫৪ চনত দেৱ আনন্দৰ এখন ছবিৰ মুক্তিৰ সময়ছোৱাত তেওঁ নিজৰ সহঃঅভিনেত্ৰী কল্পনা কাৰ্তিকৰ সৈতে বিবাহত বহে; কিন্তু তেওঁলোকৰ বিবাহ বেছি সময়লৈ নচলিল। তেওঁলোকৰ দুটা সন্তান আছিল ক্ৰমে সুনীল আনন্দ আৰু দেৱীনা আনন্দ।

দেৱ আনন্দৰ জন্মদিনত ঋষি কাপুৰে এক টুইট যোগে এই মহানায়ক গৰাকীক স্মৰণ কৰে আৰু জন্মদিনৰ শুভকামনা যোগায়।
সংগৃহীতঃ https://khabar.ndtv.com/news/bollywood/happy-birthday-dev-anand-married-in-lunch-break-rishi-kapoor-wish-him-on-his-97th-birthday-2107595

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform