কোনো বিতৰ্কই চুব নোৱাৰা এগৰাকী অসমীয়া গায়ক; ইটোৰ পিছত সিটো জনপ্ৰিয় গীতৰ উপহাৰ দি দৰ্শকৰ হৃদয়ত বাস কৰা কন্ঠশিল্পী বাবুৰ অনুৰাগীৰ সংখ্যাও যথেষ্ট। তেওঁৰ গীতৰ জনপ্ৰিয়তা হয়টো নকলেও বুজিব পৰা যায়। “লাডেন আছিল পলাই” শীৰ্ষক গীতটিকে ধৰি “অ’ চেনীমাই” তথা জুবিনৰ সৈতে দ্বৈতভাৱে কন্ঠদান কৰা “বাৰিষাৰে বানত” লগতে “পেডেল মাৰি মাৰি” আদি গায়ক গৰাকীৰ কেইবাটাও গীতৰ কলি অসমীয়া প্ৰত্যেকজন লোকৰেই মুখত আছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব।

বাবুৰ “পেডেল মাৰি মাৰি” গীতটিৰ বহুল জনপ্ৰিয়তাৰ ফলত এতিয়া কন্ঠশিল্পী গৰাকীয়ে দৰ্শকৰ মাজলৈ লৈ অনাৰ প্ৰস্তুতি চলাইছে উক্ত গীতটিৰ দ্বিতীয়টো সংস্কৰণ অৰ্থাৎ “পেডেল মাৰি মাৰি ২.০”।

গীতটিৰ প্ৰস্তুতিৰ বিষয়ে গায়ক গৰাকীয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টত কিছু ফটো আপলোড কৰি দৰ্শকক জানিবলৈ দিয়ে।
“পেডেল মাৰি মাৰি” গীতটিৰ প্ৰথমটো সংস্কৰণৰ লিংক তলত দিয়া হৈছে-
Add comment