নিজৰ চাৰ্টলেছ ফটোৰে দৰ্শকক আকৰ্ষিত কৰিলে ইশান খট্টৰে। ইশান খট্টৰে নিজৰ আহিবলগীয়া ছবি “খালী পীলী” ৰ বাবে বৰ্তমান ব্যস্ত হৈ পৰিছে। তেওঁৰ সৈতে ছবিখনত অভিনয় কৰিব অনন্যা পাণ্ডে। উক্ত ছবিখনৰ বাবে ইশানে নিজৰ ব’ডিক ফিট ৰখাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে । আছলতে, তেওঁৰ প্ৰস্তুতিৰ সুফল অভিনেতা গৰাকীয়ে নিজ ইনষ্টাগ্ৰামত আপলোড কৰা ফটোৰ জৰিয়তে বুজিব পৰা যায়।

“বিয়ণ্ড ডা ক্লাউড” ছবিখনৰ পৰা কেৰিয়াৰ আৰম্ভ কৰা অভিনেতাগৰাকীয়ে তেওঁৰ প্ৰথমখন ছবিৰ পৰা এতিয়ালৈ তেওঁৰ দেহৰ পৰিৱৰ্তন অৰ্থাৎ ট্ৰেন্সফ’ৰমেছনৰ কেইখনমান ফটো আপলোড কৰে; য’ত বহু তেওঁৰ অনুৰাগীয়ে অভিনেতা গৰাকীৰ ডাইট প্লেনৰো কথা সোধে।
Add comment