Rupaliparda.com

“মই ঋত্বিক হ’লে প্ৰথমে কংকনাৰ ওচৰত ক্ষমা বিচাৰিম”- কংকনা ৰাণাৱট

বলীউডৰ চিলেব্ৰেটী সমূহৰ মাজত কাজিয়া লগাটো কোনো নতুন কথা নহয়। ভুল বুজাবুজিৰ ফলত ভিতৰি এখন শীতল যুদ্ধ চলি থকা দেখিবলৈ পোৱা যায়। কেতিয়াবা এনে কাজিয়া বাঢ়ি গৈ সাধাৰণজনৰ মুখে মুখে চৰ্চা লাভ কৰাৰ লগতে বাতৰিৰ শিৰোনামো দখল কৰে।

"মই ঋত্বিক হ'লে প্ৰথমে কংকনাৰ ওচৰত ক্ষমা বিচাৰিম"- কংকনা ৰাণাৱট 1


তেনে কাজিয়াৰ ভিতৰত এখন উল্লেখযোগ্য কাজিয়া হৈছে কংকনা ৰাণাৱট আৰু ঋত্বিক ৰোশনৰ। দুয়ো তাৰকাৰ এই কাজিয়াই ৩ বছৰ কাল অতিক্ৰম কৰিলে যদিও ইয়াত কোনো ধৰণৰ “ভাল” ৰ আশা কৰিব পৰা হোৱা নাই। কংকনাৰ লগতে তেওঁৰ ভনীয়েক ৰংগোলীও ঋত্বিকক উদ্দেশ্যি বিভিন্ন পোষ্ট কৰা দেখা যায়।

"মই ঋত্বিক হ'লে প্ৰথমে কংকনাৰ ওচৰত ক্ষমা বিচাৰিম"- কংকনা ৰাণাৱট 2


এইবাৰ আকৌ এটা মিডিয়া প্ৰগ্ৰেম যোগে যেতিয়া কংকনাক সোধা হ’ল যে, “যদিহে আপুনি ৰাতিপুৱা ঋত্বিক ৰোশন হিচাপে সাৰ পায়; তেতিয়াহ’লে প্ৰথম কামটো আপুনি কি কৰিব??” ইয়াৰ উত্তৰত অভিনেত্ৰী গৰাকীয়ে কয় যে, “যদিহে মই ঋত্বিক ৰোশন হিচাপে সাৰ পাওঁ তেতিয়া মই কংকনাৰ লগত কৰা ভুলসমূহৰ ক্ষমা বিচাৰিম।”

"মই ঋত্বিক হ'লে প্ৰথমে কংকনাৰ ওচৰত ক্ষমা বিচাৰিম"- কংকনা ৰাণাৱট 3


উল্লেখ্য যে, কংকনাই উক্ত প্ৰশ্নটো ল’বলৈ প্ৰথমে অপ্ৰস্তুত হৈছিল যদিও পিছলৈ তেওঁ এই উত্তৰটো মিডিয়াক দিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.