Rupaliparda.com

ভিডিঅ’ ৰ যাদুৰে প্ৰতিষ্ঠা লাভ কৰা নৱ প্ৰজন্মৰ যুৱক “টিৰাপ সীমান্ত মেধি”-

নৱ প্ৰজন্মৰ এগৰাকী ভিডিঅ’ পৰিচালক। অসমীয়া সংগীত জগতত নতুনকৈ সংযোজিত প্ৰায় প্ৰত্যেকটা গান তেওঁৰ ভিডিঅ’ৰ দ্বাৰা গীতটো দৰ্শকৰ বাবে অধিক উপভোগ্য হয় পৰে। দীপলিনাৰ কন্ঠত “চুই দিয়ানা” গীতটি লগতে নীল আকাশৰ কন্ঠত “তোমাৰ উশাহতে জানা” শীৰ্ষক গীতটি আপোনালোকৰ নিশ্চয় মনত আছে?? এই দুয়োটা গীতক আৰু অধিক আকৰ্ষিত কৰি তুলিছিল এই গৰাকী নৱ প্ৰজন্মৰ ভিডিঅ’ পৰিচালক টিৰাপ সীমান্ত মেধিয়ে।

ভিডিঅ' ৰ যাদুৰে প্ৰতিষ্ঠা লাভ কৰা নৱ প্ৰজন্মৰ যুৱক "টিৰাপ সীমান্ত মেধি"- 1


তেওঁৰ লগত কাম কৰা লোকৰ তালিকা আপোনালোকে চচিয়েল মিডিয়াত তেওঁ কৰা পোষ্টবোৰৰ যোগেৰেই দেখিবলৈ পাব। তেওঁৰ কৰা প্ৰজেক্টৰ বহু কেইটা বৰ্তমান মুক্তিৰ পথত।

https://www.instagram.com/p/BmtYZdKlyEV/?utm_source=ig_web_copy_link


আগন্তুক অক্টোবৰ মাহৰ ২ তাৰিখে মুক্তি পাব দীপশিখা বৰুৱাৰ কন্ঠত তথা কিশোৰ দাস অভিনীত “চোৱানা আজি” গীতটিয়ে। য’ত ভিডিঅ’ পৰিচালক হিচাপে কাম কৰিছে টিৰাপে। ইয়াৰ লগতে পৰৱৰ্তী কিছু দিনৰ পিছত মুক্তি পাব উদয়ন দুৱৰা তথা পাঞ্চী পাটোৱাৰী অভিনীত, প্ৰাকৃতি শৰ্মাৰ কন্ঠত “ৰজনীগন্ধা” গীতটিয়ে।

ভিডিঅ' ৰ যাদুৰে প্ৰতিষ্ঠা লাভ কৰা নৱ প্ৰজন্মৰ যুৱক "টিৰাপ সীমান্ত মেধি"- 2


অসমীয়া সংগীত সমূহক উপভোগ্য কৰি তোলা এই গৰাকী ভিডিঅ’পৰিচালকক আহিবলগীয়া প্ৰত্যেকটো কামৰ বাবে ৰূপালী পৰ্দাই জনাইছে শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.