Rupaliparda.com

আধা কটা দাড়ি লৈয়ে ওলাই আহিল অনুৰাগীঃ আয়ূসমানে বনালে ভিডিঅ’-

এগৰাকী অনুৰাগীয়ে বাৰু তেওঁৰ প্ৰিয় শিল্পী গৰাকীক কিমান ভাল পাব পাৰে?? নিজৰ ঘৰত তেওঁৰ প্ৰিয় শিল্পী বা তাৰকা গৰাকীৰ ফটো লগোৱাটো বহুত সৰু কথা। শিল্পী গৰাকী ক’ত গৈছে, কি খাইছে, কাৰ লগত গৈছে, কিয় গৈছে, কি পিন্ধিছে ইত্যাদি প্ৰত্যেকটো কথাতে চকু থাকে এগৰাকী অনুৰাগীৰ।

আধা কটা দাড়ি লৈয়ে ওলাই আহিল অনুৰাগীঃ আয়ূসমানে বনালে ভিডিঅ'- 1


কিন্তু আজি আমি আপোনালোকক দেখুৱাম আয়ূসমান খুৰানাৰ এনে এজন অনুৰাগী; যিয়ে চেলুনত দাড়ি কাটি থকা অৱস্থাৰ পৰা ওলাই আহিছিল আয়ূসমান খুৰানাক চাবলৈ।

আধা কটা দাড়ি লৈয়ে ওলাই আহিল অনুৰাগীঃ আয়ূসমানে বনালে ভিডিঅ'- 2


আছলতে, অভিনেতা গৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবি “শুভ মংগল জ্যাদা সাৱধান” ৰ শ্বুটিং ৰ বাবে ৱনাৰসত আছে। তাত আয়ূসমান খুৰানাক চাবলৈ উপস্থিত হয় হাজাৰ হাজাৰ অনুৰাগী। অভিনেতা গৰাকীও নিজৰ অনুৰাগী সমূহক উদ্দেশ্যি ইনষ্টাগ্ৰাম যোগে এটা ভিডিঅ’ প্ৰস্তুত কৰে য’ত অভিনেতা গৰাকীৰ দৃষ্টি আকৰ্ষণ কৰে এই ব্যক্তি গৰাকীয়ে।

Add comment

Leave a Reply

Most popular