Rupaliparda.com
"কাঞ্চনজংঘা" ৰ দৰেই কৰিবনে অসমীয়া প্ৰত্যেকখন ছবিয়ে অভিলেখ সৃষ্টি?? 1

“কাঞ্চনজংঘা” ৰ দৰেই কৰিবনে অসমীয়া প্ৰত্যেকখন ছবিয়ে অভিলেখ সৃষ্টি??

কোনে কৈছে অসমীয়া চিনেমাই লাভ উঠাব নোৱাৰে? কোনে কয় অসমীয়াই অসমীয়া ছবিক প্ৰাধান্য নিদিয়ে! এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ একেবাৰতেই দিলে “কাঞ্চনজংঘা” ই। দক্ষিণৰ চুপাৰহিট ছবি “বাহুৱলী” য়ে অসমত লাভ কৰা বস্ক অফিচ কালেকচনৰ অভিলেখ ভাঙি নতুন অভিলেখ সৃষ্টি কৰিলে জুবিনৰ “কাঞ্চনজংঘা” ই।

"কাঞ্চনজংঘা" ৰ দৰেই কৰিবনে অসমীয়া প্ৰত্যেকখন ছবিয়ে অভিলেখ সৃষ্টি?? 2


অসমত প্ৰভাশৰ বাহুৱলীয়ে মুঠ ৫ কোটি টকা লাভ কৰে আৰু তেনেক্ষেত্ৰত “কাঞ্চনজংঘা” ই ইয়াৰ অভিলেখ ভাঙিবলৈ সক্ষম হয়। জুবিনৰ লগতে কন্ঠশিল্পী গৰাকীৰ পত্নী গৰিমা গাৰ্গে উক্ত অভিলেখৰ কথা চচিয়েল মিডিয়া যোগে দৰ্শকক জানিবলৈ দিয়ে।

"কাঞ্চনজংঘা" ৰ দৰেই কৰিবনে অসমীয়া প্ৰত্যেকখন ছবিয়ে অভিলেখ সৃষ্টি?? 3


এইখিনিতে, এটা প্ৰশ্ন হয়! “কাঞ্চনজংঘা” ৰ তুলনাত ৰীমা দাসৰ “বুলবুল কেন চিং”-এ কিয় নাপালে দৰ্শকৰ সঁহাৰি? ছবিখনক কিয় উপেক্ষা কৰিলে ঘৰুৱা দৰ্শকে?? “কাঞ্চনজংঘা” ৰ দৰেই সফল হ’বনে যতীন বৰাৰ “ৰত্নাকৰ”? কৰিবনে ছবিখনে ন-অভিলেখ সৃষ্টি??

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.