Rupaliparda.com
ৰং ত সংযোজন ব্যতিক্ৰমী ধাৰাবাহিক; থাকিব দীপলিনা- 1

ৰং ত সংযোজন ব্যতিক্ৰমী ধাৰাবাহিক; থাকিব দীপলিনা-

ৰং চেনেলত নতুনকৈ সংযোজন হ’ব এখন কমেডী ধাৰাবাহিক। চলিত বৰ্ষৰ ১৮ নৱেম্বৰৰ পৰা প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সম্প্ৰচাৰিত কৰা হ’ব ধাৰাবাহিক “বকুল তলৰ আদালত”।

ৰং ত সংযোজন ব্যতিক্ৰমী ধাৰাবাহিক; থাকিব দীপলিনা- 2


হিমাংশু প্ৰসাদ দাস মানেই আছলতে এক ব্যতিক্ৰমী চিন্তা অথবা এটা ব্যতিক্ৰমী কনচেপ্ট। ধাৰাবাহিক খনৰ কাহিনী প্ৰসংগত যদি ক’বলৈ যাওঁ তেতিয়াহ’লে আপোনালোকক জনাই থওঁ যে,একঘেয়ামীতাৰ পৰা আঁতৰি ধাৰাবাহিক প্ৰেমীসকলে পাব এক নতুন সোঁৱাদ; য’ত থাকিব ৰসিক আৰু হাস্যমধুৰ কাহিনী।

ৰং ত সংযোজন ব্যতিক্ৰমী ধাৰাবাহিক; থাকিব দীপলিনা- 3


বকুলতল হৈছে এনে এখন গাওঁ; য’ত বসবাস কৰা ৰাইজে কোনো ধৰণৰ অসুবিধা বা বিবাদৰ সন্মুখীন হ’লে তেওঁলোকে পুলিচ, উকীল, আদালত নাইবা কৰ্ট-কাছাৰীলৈ যোৱাৰ পৰিৱৰ্তে বকুলৰ তলত বহা এখন আদালতত সকলো ৰাইজ মিলিত হৈ উক্ত বিবাদৰ মীমাংসা কৰে।

ৰং ত সংযোজন ব্যতিক্ৰমী ধাৰাবাহিক; থাকিব দীপলিনা- 4


ধাৰাবাহিকখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ হৈছে হিমাংশু প্ৰসাদ দাস আৰু প্ৰাঞ্জল এ শৰ্মাৰ লগতে “বকুল তলৰ আদালত” ৰ পৰিচালনা কৰিছে উদয় ভাস্কৰ পাটৰ আৰু হিমাংশু প্ৰসাদ দাসে। হিমাংশু প্ৰসাদ দাসৰ দ্বাৰা পৰিচালিত “ছাকিৰা আহিব বকুল তলৰ বিহুলৈ” শীৰ্ষক ছবিখনৰ শ্বুটিং হোৱা একেখিনি ঠাইতে শ্বুটিং কৰা হ’ব উক্ত ধাৰাবাহিকখনৰো।

ৰং ত সংযোজন ব্যতিক্ৰমী ধাৰাবাহিক; থাকিব দীপলিনা- 5


লগতে, দীপলিনাৰ অনুৰাগী সকলৈও এক সুখবৰ। অসমীয়া সংগীত জগতৰ জনপ্ৰিয় গায়িকা দীপলিনাক দেখিবলৈ পোৱা যাব উক্ত ধাৰাবাহিকখনত। তেওঁৰ উপৰিও ইয়াত অভিনয় কৰিছে নাৰায়ণ বৈশ্য, অপূৰ্ব বৰ্মন, ৰূপম জ্যোতি দাস, অনুৰূপা ডেকা ৰজা, ফণী ভট্ট, প্ৰদীপ দত্ত, প্ৰণামী বৰা যোগীৰাজ চক্ৰৱৰ্তী তথা আন কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। ধাৰাবাহিকখনৰ শীৰ্ষ গীতটিত কন্ঠদান কৰিছে কুমাৰ ভৱেশে।

Add comment

Leave a Reply