Rupaliparda.com
হাতত কোৰ লৈ খেতিপথাৰত কৰীণাঃ 1

হাতত কোৰ লৈ খেতিপথাৰত কৰীণাঃ

জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ “ডান্স ইণ্ডিয়া ডান্স” ৰ বিচাৰকৰ চকীত থকা কৰীণা কাপুৰ খানৰ ফটোৱে ইন্টাৰনেটত বৰ্তমান দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰত্যেক দিনাই ইন্টাৰনেটত ভাইৰেল হৈ উঠা তেওঁৰ ফটো অথবা ভিডিঅ’ই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈ পৰিছে। বৰ্তমান অভিনেত্ৰী গৰাকী খেতিপথাৰত থকা সময়ছোৱাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

হাতত কোৰ লৈ খেতিপথাৰত কৰীণাঃ 2


কৰীণা কাপুৰৰ এটা ফেন পেজে উক্ত ভিডিঅ’টি আপলোড কৰে; য’ত কৰীণা খেতি পথাৰত কোৰ আৰু নাঙলৰ সৈতে কাম কৰাত ব্যস্ত হৈ পৰিছে। কিন্তু উক্ত ভিডিঅ’টিৰ আঁৰৰ চাৰপ্ৰাইজ বাহিৰ আহিবলৈ কিছুদিন সময়ৰ প্ৰয়োজন হ’ব।

https://www.instagram.com/p/B3L-J_klPPX/?utm_source=ig_web_copy_link


আপোনালোকক জনাই থওঁ যে, কৰীণা কাপুৰে ইতিমধ্যে সম্পূৰ্ণ কৰিছে তেওঁৰ দুখনকৈ ছবিৰ শ্বুটিংৰ কাম। এখন হৈছে অক্ষয় কুমাৰৰ সৈতে “গুড ন্যুজ” আৰু আনখন হৈছে ইৰফান খানৰ সৈতে “অংগ্ৰেজী মিডিয়াম”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.