Rupaliparda.com
শংকৰদেৱৰ ৫৭১তম জন্ম জয়ন্তীত পাপন আহিব দৰ্শকৰ মাজলৈঃ 1

শংকৰদেৱৰ ৫৭১তম জন্ম জয়ন্তীত পাপন আহিব দৰ্শকৰ মাজলৈঃ

অংগৰাগ পাপন মহন্তৰ অনুৰাগী সকললৈ সুখবৰ। তেওঁৰ কন্ঠৰ অনুৰাগীয়ে হয়তো তেওঁৰ প্ৰত্যেকটো গানৰ হিচাপ ৰাখিবলৈ সক্ষম। তেওঁৰ কন্ঠৰ গভীৰতা কেৱল অসমকেই নহয়; ৰাষ্ট্ৰীয় ক্ষেত্ৰতো বহু অনুৰাগীৰ জন্ম দিছে। ৰাষ্ট্ৰীয় ক্ষেত্ৰত অসমক এক উচ্চ স্থানত প্ৰতিষ্ঠিত কৰা এই গৰাকী কন্ঠশিল্পীয়ে আকৌ তেওঁৰ নতুন সৃষ্টিৰে দৰ্শকৰ হৃদয় জিনিবলৈ আহি আছে।

শংকৰদেৱৰ ৫৭১তম জন্ম জয়ন্তীত পাপন আহিব দৰ্শকৰ মাজলৈঃ 2


চলিত মাহৰ ৮ তাৰিখে বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ ৫৭১তম জন্ম জয়ন্তী উপলক্ষে অংগৰাগ পাপন মহন্তই এক ব্যতিক্ৰমী প্ৰচেষ্টা আগবঢ়াইছে। তেওঁ নিজ ইনষ্টাগ্ৰাম পোষ্ট যোগে দৰ্শকক জানিবলৈ দিয়ে যে, তেওঁৰ দুইবছৰীয়া প্ৰচেষ্টা আৰু সাধনাৰ অন্তত তেওঁৰ এই সৃষ্টিক দৰ্শকৰ মাজত উলিয়াই দিবলৈ সক্ষম হৈছে।

https://www.instagram.com/p/B3RvtoFjPS9/?utm_source=ig_web_copy_link


অহা ৮ অক্টোবৰৰ সন্ধিয়া সময়ত দৰ্শকে অংগৰাগৰ সৃষ্টিৰ বিষয়ে সবিশেষ জানিব পাৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.