প্ৰায় দুটা দশকজুৰি বলীউড ক্ষেত্ৰত ৰাজত্ব কৰা কৰীণা কাপুৰ খানে নিজৰ অন্তিম সময়লৈ অভিনয় কৰিব বিচাৰে। যোৱা ২০ টা বছৰে অভিনেত্ৰী গৰাকীয়ে ডাঙৰ পৰ্দাত কেইবাটাও চৰিত্ৰ ৰূপায়ন কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ পৰিছে।

কিছু সময় পূৰ্বে হোৱা এক সাক্ষাৎকাৰ যোগে কৰীণা কাপুৰে কয় যে তেওঁৰ এই ২০ টা বছৰ অদ্ভূত ধৰণেৰে গ’ল। তেওঁৰ এই ৰোমাঞ্চকৰ যাত্ৰাত তেওঁ বহু প্ৰতিভাৱান ব্যক্তিৰ সৈতে কাম কৰাৰ কথা কোৱাৰ লগতে অভিনেত্ৰী গৰাকী যে কেৱল অভিনয়ৰ বাবেহে জন্ম হৈছে তাকো ব্যক্ত কৰে।

কৰীণা কাপুৰ খান তেওঁৰ অভিনয়ক লৈ ইমান বেছি আগ্ৰহী যে তেওঁ নিজৰ মৃত্যুৰ সময়লৈ অভিনয় কৰি থকাৰ ইচ্ছা প্ৰকাশ কৰে।

অভিনেত্ৰী গৰাকীক আগন্তুক তিনিখন ছবিত দৰ্শকে দেখিবলৈ পাব।
Add comment