Rupaliparda.com
বলীউডত সংঘৰ্ষ দুই তপাৰঃ 1

বলীউডত সংঘৰ্ষ দুই তপাৰঃ

এইবাৰ বলীউডত হ’ব দুই তপা অভিনেতাৰ যুদ্ধ। “আৰ্টিকেল ১৫” আৰু “ড্ৰীম গাৰ্ল” ৰ দ্বাৰা চলিত বৰ্ষতেই দৰ্শকৰ হৃদয় জয় কৰা আয়ূসমান খুৰানা পুনৰ বাৰ এখন কমেডী ছবি “বালা” ৰ সৈতে আহি আছে ছবিগৃহলৈ। লগতে, আন এখন ছবি “তপা” লোকৰ কাহিনী লয় আহি আছে “উড়তা চমন”; য’ত মূখ্য চৰিত্ৰত অভিনয় কৰিছে সানী সিঙে।

বলীউডত সংঘৰ্ষ দুই তপাৰঃ 2
বলীউডত সংঘৰ্ষ দুই তপাৰঃ 3


কিন্তু এইখিনিতে আহিলে এটা টুইষ্ট; “বালা” ছবিখনৰ পৰিচালক অমৰ কৌশিকে ছবিখন ১৫ নৱেম্বৰ তাৰিখে মুক্তি দিয়াৰ কথা আছিল যাতে ছবিখন সিদ্ধাৰ্থ মালহোত্ৰাৰ ছবি “মাৰঝাৱা” ৰ সৈতে মুখামুখি নহয়। লগতে, “উড়তা চমন” অহা ৮ নৱেম্বৰ তাৰিখে মুক্তি পোৱাৰ কথা আছিল। দুয়োখন ছবিৰ ভিতৰতে প্ৰথমতে “বালা” ৰ ট্ৰেইলাৰ মুক্তি পাইছিল যদিও “উড়তা চমনে” নিজৰ ছবিত “প্ৰথমখন তপাৰ সঁচা কাহিনী” বুলি টেগলাইন ব্যৱহাৰ কৰে।


ইয়াৰ পিছত আৰু কি? “বালা” ছবিখনৰ নিৰ্মাতা সকলে ঘোষণা কৰি দিলে যে আয়ূসমান খুৰানা অভিনীত “বালা” মুক্তি লাভ কৰিব ৭ নৱেম্বৰ তাৰিখে অৰ্থাৎ,”উড়তা চমন” ৰ এদিন পূৰ্বে।


গতিকে, ছবিগৃহত কোনে কিমান ৰাজত্ব কৰিব সেয়া সময়ে ক’ব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.