চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুক্তিপ্ৰাপ্ত চিনেমা “গলীবয়”-এ ট্ৰেইলাৰ মুক্তিৰ পিছৰ পৰাই লাভ কৰিছিল দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। ইতিমধ্যে ছবিখনে অস্কাৰৰ বাবেও মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈ পৰিছে। ২৭ খন ছবিৰ দৌৰত বিজয়ী ৰূপে থিয় দিছে “গলী বয়”। টু নাংগা হি ত’ আয়া হে কিয়া ঘাংটা লেকে যায়েগা” আদি গানৰ কলিয়ে দৰ্শকক বৰ্তমানেও প্ৰভাৱিত কৰি ৰাখিছে। এটা সৰু বস্তিত থাকিলেও,থাকিবলৈ সৰু ঠাই হ’লেও স্ব-সপোনত অইনে হস্তক্ষেপ কৰিব নোৱাৰে। তেনে এক কাহিনীক প্ৰতিফলিত কৰি জোয়া আখতাৰে নিৰ্মাণ কৰিছিল ৰণবীৰ সিং আৰু আলিয়া ভাটৰ সৈতে “গলীবয়”।
“গলীবয়” কোনো “বায়পিক” অৰ্থাৎ কোনো লোকৰ হুবহু জীৱন কাহিনী নহয়; ই হৈছে দুজন “ৰেপাৰ” ৰ জীৱন কাহিনীৰ দ্বাৰা অনুপ্ৰেণিত। সেই দুজন হ’ল ক্ৰমে – ডিভাইন আৰু নেইজী। আমি বহুতেই বৰ্তমান বলীউড জগতত কৰ্মৰত হনী সিং, বাদশাহ অথবা ৰাফটাৰ ৰ নাম শুনিছো কিন্তু ভাৰতত এনে কিছুমান “ৰেপাৰ” ৰো জন্ম হৈছে যিয়ে সফলতাৰ বাবে জগতখনৰ লগত সংগ্ৰাম কৰাই নহয়; যুঁজিছে নিজ পৰিয়াল বা আপোনজনৰ লগতো।
বিবেক ফাৰ্ণাডেজ ওৰফে ডিভাইন,অন্ধেৰী স্থিত এটা বস্তীত আইতাকৰ সৈতে বাস কৰিছিল। নিজৰ মনক আমোদ দিয়াবলৈ “ৰেপ” প্ৰস্তুত কৰিছিল তেওঁ। কিন্তু পিছলৈ যেতিয়া বুজিলে যে এই “ৰেপ মিউজিক” ৰ দ্বাৰা দেশৰ সমস্যা বা দূৰ্নীতিক উদঙাই দিব পাৰি তেতিয়াই এইবোৰৰ ওপৰত থকা খঙক তেওঁ উজাৰি দিলে নিজ সৃষ্ট “ৰেপ”ত। মদ্যপান, ড্ৰাগছ আসক্ত আৰু মহিলা হৈছে তেওঁৰ “ৰেপ” ৰ বিষয়বস্তু। ২০১১ চনত “য়ে মেৰা বোম্বে” ৰ পৰা সফলতাৰ চিৰিত বগোৱা ডিভাইনে প্ৰথমতে “ৰেপ” ইংৰাজীত লিখিছিল যদিও পিছলৈ ই সলনি কৰি হিন্দী ভাষাত লিখিবলৈ লয়। তেওঁৰ মতে হিন্দীয়ে কেৱল মাত্ৰ যুৱপ্ৰজন্মকেই নহয়; ই সাঙুৰি ল’ব ৰিক্সাৱালা,ঠেলাৱালা লগতে বিভিন্ন বেপাৰীকো (যি আছিল তেওঁৰ বাবে “টাৰ্গট অডিয়েণ্স”)।
নাৱেড শ্বেইখ ওৰফে নেইজী; কুৰ্লা বস্তিৰ নিবাসী। ১৩ বছৰ বয়সতেই তেওঁ নিজ জীৱনৰ “লক্ষ্য-উদ্দেশ্য” লৈ সাজু হৈ পৰিছিল। আৰু সেয়াই আছিল আৰম্ভণি। তেওঁ নিজ জীৱনৰ বেয়া পৰিস্থিতি অথবা তেওঁ কৰা সংঘাত সমূহ বাখ্যা কৰে “ৰেপ” ৰ জৰিয়তে। নেইজী ৰ বাখ্যা ইমানেই হৃদয়স্পৰ্শী যে ই সহজে দৰ্শকক আকৰ্ষণ কৰি ল’ব পাৰে। তেওঁৰ প্ৰথম কাম “DIY” ; যিটো তেওঁ নিজে গাই,নিজে দৃশ্যগ্ৰহণ কৰি আৰু নিজেই এডিট কৰে। “আফাট” হৈছে তেওঁৰ দ্বিতীয়টো সৃষ্টি; তেওঁ ৭০’ৰ বোম্বেৰ এক বৰ্ণনা দিয়ে য’ত তেওঁৰ পিতৃ-মাতৃয়ে খাবলৈ/শুবলৈ সংগ্ৰাম কৰিছিল। “আফাটে” তেওঁক লয় আনে “লেম লাইট” লৈ।
“গলীবয়” প্ৰদৰ্শিত কাহিনী মাত্ৰ এটা উদাহৰণহে। ডিভাইন আৰু নেইজীৰ দৰে আৰু বহু বস্তী নিবাসী বা যাক আমি কওঁ “স্লামড’গ”; তেওঁলোকৰ বাস্তৱ কঠিন কিন্তু সপোন নহয়। আৰু তেওঁলোক ইমানেই কঠিন যে তেওঁলোকে সপোনক বাস্তৱ কৰিবলৈ যৎপৰোনাস্তি কষ্ট আৰু সংগ্ৰাম কৰে।
Add comment