বলীউডৰ মোহময়ী তথা আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী ৰেখাই উদযাপন কৰিছে নিজৰ ৬৫ সংখ্যক জন্মদিন। তাহানিৰ দিনৰ পৰা ৰেখাৰ সৌন্দৰ্য্যৰ সৈতে কোনো অভিনেত্ৰীয়ে নিজক তুলনা কৰিব পৰা নাই। আজিৰ তাৰিখতো ৰেখা কোনো কাৰণতে কম নহয়; তেওঁৰ বয়সৰ সকলো অভিনেত্ৰীতকৈ ৰেখা বহু পৰিমাণে ডেকা ৰূপত থকা বুলি মন্তব্য কৰে একাংশ দৰ্শকে।

তেলেগু “ৰংগুলা ৰত্নম” ছবিখনৰ পৰা কেৰিয়াৰ আৰম্ভ কৰা এই গৰাকী অভিনেত্ৰীয়ে ১৭৫ খন হিন্দী ছবিত কাম কৰিছে লগতে তেওঁ দক্ষিণ ভাৰতৰো বহুত ছবিত অভিনয় কৰি সফলতা অৰ্জন কৰিছে। “খুবসুৰত”, “খুন ভৰি মাংগ”,”খুন ঔৰ পসীনা”, “মুকদ্দৰ কা সিকন্দৰ” আৰু “ওমৰাৱ জান” আছিল ৰেখাৰ আটাইতকৈ সফল ছবি।

ৰেখাই তিনিবাৰ ফিল্মফেয়াৰ আৰু এবাৰকৈ ৰাষ্ট্ৰীয় ফিল্ম পুৰষ্কাৰ লাভ কৰিছে। ইয়াৰ উপৰিও, অভিনেত্ৰী গৰাকীয়ে ভাৰত চৰকাৰৰ দ্বাৰা “পদ্মশ্ৰী” সন্মানো লাভ কৰিছে।

ৰেখা সদায় নিজৰ প্ৰেমৰ সম্বন্ধবোৰৰ বাবে চৰ্চা লাভ কৰিছিল। নবীন নিশ্চল, জিতেন্দ্ৰ, বিনোদ মেহৰা, বিশ্বজিৎ আৰু শত্ৰুঘ্ন সিনহাৰ দৰে অভিনেতা সমূহৰ লগত ৰেখাৰ সম্পৰ্কই বহু সময়ত বাতৰিৰ শিৰোনাম দখল কৰিবলৈও সক্ষম হৈছিল।এনেক্ষেত্ৰত অমিতাভ বচ্ছনৰ সৈতে থকা ৰেখাৰ সম্বন্ধটোৱে বহু দিনলৈ দৰ্শকক আমোদ প্ৰদান কৰিছিল। যদিও এই বিষয়ে তাৰকাদ্বয়ে কোনো দিন খুলি কথা কোৱা নাই।
Add comment