কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “ওৱাৰ” -এ ইতিমধ্যে দৰ্শকক প্ৰচুৰ পৰিমাণে আকৰ্ষিত কৰিবলৈ সক্ষম হৈ পৰিছে। ছবিখনত দেখিবলৈ পোৱা ঋত্বিকৰ লুকে দৰ্শকক তেওঁৰ আৰু অধিক অনুৰাগী কৰি’ তুলিছে। এই অনুৰাগী সমূহৰ ভিতৰত উল্লেখযোগ্য এগৰাকী অনুৰাগী হৈছে ঋত্বিকৰ পূৰ্বৰ পত্নী সুজেন খানো।
ঋত্বিকে ইনষ্টাগ্ৰাম একাউন্টত উক্ত ছবিখনৰ “কৱীৰ” চৰিত্ৰটোৰ এটা পোষ্ট আপলোড কৰা পিছতেই তাত তেওঁৰ পূৰ্বৰ পত্নীয়ে কৰা কমেন্টে এতিয়া চৰ্চা লাভ কৰিছে দৰ্শকৰ মাজত। সুজেন আৰু ঋত্বিকে নিজৰ বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰিলেও তেওঁলোকে নিজৰ মাজত বন্ধুত্বৰ সম্পৰ্ক ৰাখিছে।


ঋত্বিকৰ ফটোত সুজেন খানে দিয়া “উফফফফ” কমেন্টটোৰ ৰিপ্লাইতে বহুতে তেওঁলোকক পুনৰবাৰ একেলগে দেখাৰ ইচ্ছাও প্ৰকাশ কৰে।
Add comment