১১ অক্টোবৰত সৰ্বত্ৰে মুক্তি লাভ কৰিলে অসমীয়া ছবি “ৰত্নাকৰ”-এ। বিগত কেইটামান মাহৰ পৰা অসমৰ চাৰিওকোণে ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছিল “ৰত্নাকৰ” সকলো শিল্পীৰ লগতে কলা-কুশলী। ইতিমধ্যে ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ ত উপস্থিত সকলোৱে ছবিখনৰ লগতে যতীন বৰাৰ অভিনয়ৰ প্ৰশংসা কৰে। ইয়াৰ উপৰিও, অসমীয়া ছবিৰ মান উন্নতকৰণত “ৰত্নাকৰ”-এ এক গুৰু দায়িত্ব পালন কৰা বুলি মন্তব্য কৰিছে।


চচিয়েল মিডিয়া যোগে বহু দৰ্শকে হেছ টেগ “ৰত্নাকৰ” ব্যৱহাৰ কৰি টিকেট বুকিং ৰ বিভিন্ন ফটোও আপলোড কৰা দেখা গৈছে। হাউচফুল হৈ ৰৈছে গুৱাহাটীস্থিত বিভিন্ন চিত্ৰগৃহ। গতিকে আপুনিও যদি এতিয়ালৈ কৰা নাই “ৰত্নাকৰ” ৰ টিকেট বুক আৰু আপুনি যদি বৰ্তমানলৈ জ্ঞাত নহয় কোনটো সময়ত আছে “ৰত্নাকৰ” ৰ দৰ্শনী। তেন্তে চাওঁক এই তালিকাঃ

গতিকে, “কাঞ্চনজংঘা” ক প্ৰত্যাহ্বান দিবলৈ সাজু হৈ পৰিছে “ৰত্নাকৰ”। অসমীয়া দৰ্শকে দেখুৱাব নে একেই সঁহাৰি?? আপোনালোকে কি ভাৱে? কমেন্ট কৰক আৰু জনাওঁক আপোনাৰ মতামত।
Add comment