পাপনৰ কন্ঠত মুকলি পুনৰ এটা বলীউড গীত। “তেৰা সাথ হে” শীৰ্ষক গীতটিত কন্ঠদান জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ। চলিত মাহৰ ১৮ তাৰিখে মুক্তি পাবলগীয়া “জেকলিন আই এম কামিং” ছবিখনৰ অন্তৰ্গত গীতটিয়ে যোৱা ২৪ ঘন্টাৰ ভিতৰতে লাভ কৰিছে ১৮ হাজাৰতকৈ অধিক ভিউৱাৰছ।
এজন ৪০ বছৰীয়া অবিবাহিত হিন্দু পুৰুষ তথা এগৰাকী খ্ৰীষ্টিয়ান ধৰ্মৰ ছোৱালীৰ মাজৰ প্ৰেমৰ বিভিন্ন ঘাট প্ৰতিঘাটক উদ্দেশ্যি নিৰ্মাণ কৰা হৈছে উক্ত ছবিখন। ছবিখনৰ পৰিচালনা বান্টি ডুবেৰ লগত ইয়াৰ কাহিনী লিখিছে পিংকু ডুবেই।

ছবিখনত অভিনয় কৰিছে ৰাঘুবীৰ য়াদৱ, কিৰণ ডি পাটলি আৰু দিৱা ধানয়াই।
Add comment