ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত এগৰাকী অসম জীয়ৰী; পেছাত ফেশ্বন ডিজাইনাৰ। অসমৰ পাট-মুগা তথা মেখেলা ছাদৰক ৰাষ্ট্ৰীয় ক্ষেত্ৰত এক উচ্চ স্থানলৈ লয় যোৱাৰ মানসিকতাৰে তেওঁ আগবাঢ়িছে। তেওঁৰ নাম হৈছে সংযুক্তা দত্ত।


এগৰাকী-দুগৰাকী নহয়; বলীউডৰ প্ৰায়বোৰ মোহময়ী অভিনেত্ৰীয়ে সংযুক্তাৰ দ্বাৰা ডিজাইন কৰা অসমীয়া মেখেলা ছাদৰ পৰিধান কৰি ৰেম্পত খোজ দিছে। বিপাশা বসু, কৰিশ্মা কাপুৰ, তাবু আদিকে ধৰি বহু তাৰকাক সংযুক্তাই ঢালিছে অসমীয়া ৰঙত।


এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়; নতুন দিল্লীত অনুষ্ঠিত “FDCI Lotus Make Up India Fashion Week” ত সংযুক্তা দত্তৰ ডিজাইনৰ অসমীয়া মান পাটৰ কাপোৰ পিন্ধি ৰেম্পত খোজ দিলে বলীউডৰ অভিনেত্ৰী শৰ্মিলা ঠাকুৰ তথা তেওঁৰ জীয়ৰী চোহা আলি খানে।

সংযুক্তাৰ এই কাপোৰক লৈ প্ৰশংসাও কৰে চোহাই। গতিকে, ক’ব পৰা যায় যে অসমক বিভিন্ন ক্ষেত্ৰতেই গৌৰন্বাম্বিত কৰিবলৈ সক্ষম হৈ পৰিছে অসম সন্তান।
Add comment