Rupaliparda.com
"জন্মদিনত কেক কটা ৰীতিটোৱে এতিয়া উৎসাহিত নকৰে"- অমিতাভ বচ্ছন 1

“জন্মদিনত কেক কটা ৰীতিটোৱে এতিয়া উৎসাহিত নকৰে”- অমিতাভ বচ্ছন

বলীউডৰ বিগ বি তথা ৭০ দশকৰ পৰা বৰ্তমানলৈ ৰাজত্ব কৰা অভিনেতা; “ডা এংগ্ৰি য়ং মেন” খ্যাত অমিতাভ বচ্ছনে উদযাপন কৰিছে নিজৰ ৭৭ সংখ্যক জন্মদিন। বিশ্বৰ চুকে-কোণে এই অভিনেতা গৰাকীৰ অনুৰাগী আছে বুলি ক’লেও হয়টো বঢ়াই কোৱা নহ’ব। অভিনয় তথা ব্যক্তিত্বৰে সদায় এই অভিনেতা গৰাকীয়ে দৰ্শকক আকৰ্ষিত কৰি ৰাখে।

"জন্মদিনত কেক কটা ৰীতিটোৱে এতিয়া উৎসাহিত নকৰে"- অমিতাভ বচ্ছন 2


বহু দৰ্শকে হয়টো জানিব বিচাৰিছে যে অমিতাভ বচ্ছনে আজিৰ দিনটো কেনেদৰে উদযাপন কৰিব বা কাৰ লগত কেনেদৰে থাকিব। তেতিয়াহ’লে আপোনালোকক জনাওঁ যে, বিগ বি খ্যাত অমিতাভ বচ্ছনে পালন নকৰে তেওঁৰ জন্মদিন। এটা সাক্ষাৎকাৰ যোগে তেওঁ নিজৰ উপজা দিনটোক এটা সাধাৰণ দিন বুলি কোৱাৰ লগতে তেওঁ কয় যে,

"জন্মদিনত কেক কটা ৰীতিটোৱে এতিয়া উৎসাহিত নকৰে"- অমিতাভ বচ্ছন 3


” মইটো বহু বেছি সুখী কিয়নো মই আজিও কাম কৰি থাকিব পাৰিছো আৰু মোৰ শৰীৰ তথা আত্মাৰ সৈতে সংগতি ৰাখিবলৈ মই সক্ষম হৈ আছো। মই আপোনালোকক মাত্ৰ এটাই কথাই ক’ম যে আপোনালোকে কেৱল মোৰ সুস্থ শৰীৰ কামনা কৰক”।

ইয়াৰ লগতে অভিনেতা গৰাকীয়ে নিজৰ জন্মদিন উপলক্ষে এই কেক কটা ধৰণৰ কিছুমান ৰীতিৰ পৰা আমনি লাভ কৰা বুলি কয়। অমিতাভ বচ্ছন এনে এগৰাকী অভিনেতা যিয়ে তেওঁৰ সময়ৰ কেইবাগৰাকীও অভিনেতাক তেওঁতকৈ ওপৰত উঠিবলৈ ক্ষমতা প্ৰদান নকৰিলে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.