বলীউডৰ অভিনেতা ৰণৱীৰ সিং নিজৰ অভিনয়ৰ লগতে পৰিধান কৰা কাপোৰ খিনিৰ বাবেও প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হয়। নিজৰ পিন্ধনৰ সৈতে অভিনেতা গৰাকীয়ে প্ৰত্যেকদিনাই পৰীক্ষা কৰা দেখিবলৈ পোৱা যায়।

এই সন্দৰ্ভতে যেতিয়া অভিনেতা গৰাকীৰ পত্নী তথা বলীউডৰ মোহময়ী অভিনত্ৰী দীপিকাৰ সৈতে কথা পতা হৈছিল তেতিয়া তেওঁ কৈছিল যে ৰণৱীৰে যিমানেই যি কাপোৰৰ সৈতে পৰীক্ষা নকৰক কিয়; কিন্তু দীপিকাৰ মাকৰ ঘৰলৈ অৰ্থাৎ ৰণৱীৰৰ শহুৰৰ ঘৰলৈ গ’লে ৰণৱীৰে সদায় নিৰ্দ্দিষ্ট এটা “ড্ৰেছকোড” পৰিধান কৰিবলগীয়া হয়।


এই “ড্ৰেছকোড” ৰ ভিতৰত থাকে বগা চাৰ্ট আৰু ব্লু জিন্স। ইয়াৰ উপৰিও ৰণৱীৰে যদি শহুৰৰ ঘৰৰ কোনো ধৰণৰ অনুষ্ঠানত যায় তেতিয়া তেওঁ ব্লেক পেন্ট, ব্লু জিন্স, বগা চাৰ্ট লগতে ৰাউন্ড নেক টি-চাৰ্ট আদিৰ ভিতৰত কোনোবা এটা পৰিধান কৰিবলগীয়া হয়।
Add comment