Rupaliparda.com
"আলজেইমাৰ" বেমাৰৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত অসমীয়া চুটি ছবিঃ 1

“আলজেইমাৰ” বেমাৰৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত অসমীয়া চুটি ছবিঃ

২০১৬ চনত জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন চুটি ছবি হৈছে “ডেট গাষ্টি মৰ্নিং”। “গাষ্টি” ৰ আভিধানিক অৰ্থ হৈছে ধুমুহা। ছবিখনতো শব্দটোক তেনে এক অৰ্থৰেই ব্যৱহাৰ কৰা হৈছে। “আলজেইমাৰ” বেমাৰ এটাৰ পটভূমিত নিৰ্মাণ কৰা হৈছে উক্ত চুটি ছবিখন। “আলজেইমাৰ” অৰ্থাৎ কোনো ব্যক্তিৰ পুৰণি কথা বা স্মৃতি পাহৰণি গৰ্ভলৈ যোৱা অৱস্থা।

"আলজেইমাৰ" বেমাৰৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত অসমীয়া চুটি ছবিঃ 2


তিনিজনীয়া সুখী পৰিয়াল এটাত যেতিয়া কোনো এজন সদস্যৰ তেনে ধৰণৰ বেমাৰ হয় তেতিয়া সেই পৰিয়ালটোৰ বাকী সদস্যৰ মানসিক অৱস্থা কেনেধৰণৰ হ’ব পাৰে তাকেই সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে “ডেট গাষ্টি মৰ্নিং” ত। মহুূৰ্তৰ বাবে সকলো মনত পৰা আৰু তাৰ পিছ মহুুৰ্ততেই প্ৰত্যেকটো বস্তুয়েই পাহৰি যোৱা ভুক্তভোগী গৰাকীৰ মনস্তাত্বিক অৱস্হাৰ উঠা-নমাবোৰ ২১ মিনিটৰ ভিতৰত দৰ্শকক দিবলৈ চেষ্টা কৰিছে পৰিচালক জাহ্নু বৰুৱাই।

"আলজেইমাৰ" বেমাৰৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত অসমীয়া চুটি ছবিঃ 3
"আলজেইমাৰ" বেমাৰৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত অসমীয়া চুটি ছবিঃ 4


ছবি খনৰ মূল চৰিত্ৰ চাৰিটা ক্ৰমে সীমা বিশ্বাস, অৰুণ নাথ, কপিল বৰা আৰু উৰ্মিলা মহন্ত। পত্নীৰ চৰিত্ৰত থকা “সীমা বিশ্বাস” ৰ সেই নিৰ্দিষ্ট বেমাৰটো হোৱা ফলত স্বামী “অৰুণ নাথ” আৰু জী “উৰ্মিলা” ৰ ঘৰখন অথবা মাকক লৈ থকা দায়বদ্ধতা বোৰেৰে আৰম্ভ কৰা হৈছে ছবিখন। ছোৱালী চাবলৈ অহা ল’ৰা “কপিল বৰা” ৰ আগত মাকক লৈ অপ্ৰস্তুত হৈ পৰা ভংগিমাসমূহে হৃদয়স্পৰ্শী কৰি তুলিছে ছবিখন। ছবিখনৰ শেষ খণ্ডটো “পাছলৈ কি হ’ব” ভাবত দৰ্শকৰ মাজত এৰি দিয়া হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.