Rupaliparda.com
ছলমানৰ সৈতে ৰোমাঞ্চ কৰা অভিনেত্ৰীয়ে ৰূপায়ন কৰিব মাতৃ চৰিত্ৰঃ 1

ছলমানৰ সৈতে ৰোমাঞ্চ কৰা অভিনেত্ৰীয়ে ৰূপায়ন কৰিব মাতৃ চৰিত্ৰঃ

বলীউড ছবি “মেনে প্যাৰ কিয়া” ৰ দ্বাৰা অভিনেত্ৰী হিচাপে নিজ কেৰিয়াৰ আৰম্ভ কৰা ভাগ্যশ্ৰীয়ে এইবাৰ দক্ষিণৰ ষ্টাৰ প্ৰভাশৰ মাতৃৰ চৰিত্ৰ ৰূপায়ন কৰিব। ছলমান খানৰ সৈতে ৰোমাঞ্চ কৰা এই গৰাকী অভিনেত্ৰীক দৰ্শকে এইবাৰ দেখিবলৈ পাব মাতৃ চৰিত্ৰত। প্ৰভাশৰ আগন্তুক ছবি “প্ৰভাশ ২০” ত একেলগে দেখিবলৈ পোৱা যাব দুই তাৰকাক।

ছলমানৰ সৈতে ৰোমাঞ্চ কৰা অভিনেত্ৰীয়ে ৰূপায়ন কৰিব মাতৃ চৰিত্ৰঃ 2


ইতিমধ্যে ছবিখনৰ বাবে প্ৰভাশে শ্বুটিং আৰম্ভ কৰিছে। ৰিপোৰ্ট অনুসৰি, উক্ত ছবিখনত ভাগ্যশ্ৰীৰ চৰিত্ৰটো গুৰুত্বপূৰ্ণ বাবেই তেওঁৰ চৰিত্ৰটোৰ বিষয়ে বৰ্তমানলৈ কোনো লোকক জানিবলৈ দিয়া নাই।

ছলমানৰ সৈতে ৰোমাঞ্চ কৰা অভিনেত্ৰীয়ে ৰূপায়ন কৰিব মাতৃ চৰিত্ৰঃ 3


প্ৰভাশৰ জীৱনৰ বিংশতম ছবি বাবেই ইয়াক নাম দিয়া হৈছে “প্ৰভাশ ২০”। ৰাধা কৃষ্ণ কুমাৰৰ দ্বাৰা পৰিচালিত এই ছবিখনত প্ৰভাশক এগৰাকী জ্যোতিষী ৰূপত দেখিবলৈ পোৱা যাব।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.