অসমক গৌৰম্বান্বিত কৰা অসম সন্তানৰ সমূহৰ ভিতৰত উল্লেখযোগ্য এগৰাকীৰ নাম হৈছে কিংশুক মৰাণ। মুম্বাই প্ৰতিস্থিত এই গৰাকী শিল্পীয়ে কেইবাগৰাকীও জনপ্ৰিয় ছবিত চাউণ্ড ডিজাইনাৰ হিচাপে কৰ্মৰত হৈ আছিল। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নামে ঠাইত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে অতি কমেও ৪০ খন বলীউড ছবিত কৰ্মৰত হৈ আছিল।

সঞ্জয় লীলা ভঞ্চালিৰ ছবি “বাজিৰাও মষ্টানী” তথা “পদ্মাৱত” লগতে তেওঁ ডংগল, মেৰি কম, হমছাকালচ, হাউচফুল ২, তনু ওৱেডচ মনু ৰিটাৰ্নছ, এজেন্ট বিনোড আদিকে ধৰি কেইবাখনো ছবিত চাউণ্ড ডিজাইনাৰ হিচাপে কৰ্মৰত হৈ অসমৰ লগতে বলীউডৰ জনসাধাৰণক আকৰ্ষিত কৰিছিল কিংশুকে।

কিংশুক মৰাণে আজি উদযাপন কৰিছে তেওঁৰ জন্মদিন। এই গৰাকী উদ্যমী যুৱকক তেওঁৰ জন্মদিনৰ দিনা ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা।
Add comment