Rupaliparda.com
"সত্তে পে সত্তা" ৰ ৰিমেক ছবিৰ ফাইনেল কাষ্টঃ 1

“সত্তে পে সত্তা” ৰ ৰিমেক ছবিৰ ফাইনেল কাষ্টঃ

কিছু সময় পূৰ্বে এনে খবৰ ওলাইছিল যে ফাৰাহ খানৰ আহিবলগীয়া “সত্তে পে সত্তা” ৰ ৰিমেক ছবিখনৰ বাবে ঋত্বিক ৰোশন, দীপিকা পাডুকন আৰু অনুষ্কা শৰ্মাক ফাইনেল কৰি লোৱা হৈছে। কিন্তু, সেই সময়ত এই কথাটোৰ কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাছিল ফাৰাহ খানে।

"সত্তে পে সত্তা" ৰ ৰিমেক ছবিৰ ফাইনেল কাষ্টঃ 2


বৰ্তমান আকৌ এক নতুন খবৰে শিৰোনাম দখল কৰিছে; য’ত শুনিবলৈ পোৱা গৈছে যে ফাৰাহ খানৰ এই ছবিখনত অভিনয়ৰ বাবে অনুষ্কা শৰ্মা তথা ঋত্বিক ৰোশনক গ্ৰহণ কৰি লোৱা হৈছে। এক তথ্যৰ ওপৰত ভিত্তি কৰি জানিব পৰা গৈছে যে, এই ছবিখনৰ শ্বুটিং ২০২০ চনত আৰম্ভ হোৱাৰ লগতে ইয়াক মুক্তি দিয়া হ’ব ২০২১ চনত।

"সত্তে পে সত্তা" ৰ ৰিমেক ছবিৰ ফাইনেল কাষ্টঃ 3


উল্লেখ্য যে, ছবিখনৰ সৈতে বৰ্তমান জড়িত হৈ পৰিছে ইখনৰ পিছত সিখন হিট ছবি দিয়া পৰিচালক ৰোহিট চেট্টিৰ নাম। এই ছবিখনৰ কোনো নাম বৰ্তমানলৈ সিদ্ধান্ত লোৱা হোৱা নাই যদিও ইয়াৰ পৰিচালনাৰ দায়িত্বত থাকিব ফাৰাহ খান আৰু প্ৰযোজক হিচাপে থাকিব ৰোহিট চেট্টি।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.