Rupaliparda.com
নাৰীৰ কঠোৰ জীৱন বৰ্ণনাৰে চুটি ছবি "পুষ্পিতা"ঃ 1

নাৰীৰ কঠোৰ জীৱন বৰ্ণনাৰে চুটি ছবি “পুষ্পিতা”ঃ

২০১৪ চনৰ এখন আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চুটি ছবি হৈছে “পুষ্পিতা”। ৯ মিনিট ১৭ চেকেণ্ড দৈৰ্ঘ্যৰ চুটি ছবিখনে সাঙুৰি লৈছে সমাজৰ এক নগ্নতা। কাদম্বৰী কাশ্যপৰ কাহিনী তথা পৰিচালনা আৰু প্ৰমোদ দাসৰ প্ৰযোজনাৰ “পুষ্পিতা” চুটি ছবিখন এজনী ১২-১৩ বছৰীয়া ছোৱালীৰ জীৱনৰ ক্ষুদ্ৰ অধ্যায়ৰ উপস্থাপন কৰা হৈছে।

নাৰীৰ কঠোৰ জীৱন বৰ্ণনাৰে চুটি ছবি "পুষ্পিতা"ঃ 2


দুবেলা-দুমুঠি খাবলৈ নোৱাৰা পৰিয়ালৰ জীৱন যাপনৰ অৰ্থে ছোৱালীজনীক এবিধ পণ্য হিচাপে ব্যৱহাৰ কৰা কাহিনীৰ এক অংশ দেখুওৱা হৈছিল ছবিখনত। অকৰ্মণ্য পিতৃয়ে নিজ কৰ্মৰ কোনো সন্ধান নকৰি পেট প্ৰৱৰ্তোৱা বাবে ব্যৱহাৰ কৰে নিজ কন্যাক আৰু বিক্ৰী কৰি দিয়ে অইন কোনো ডাঙৰ মানুহৰ হাতত। ছোৱালীজনীয়ে নিজৰ মাজত “পুষ্পিতা” হোৱাৰ লক্ষণ নাইবা নিজ দেহৰ পৰিৱৰ্তন দেখা স্বত্বেও নিজ পৰিয়ালৰ সুখৰ বাবে আগবাঢ়ি গৈছিল অন্য এজনৰ লগত। এয়াই হৈছে “পুষ্পিতা” ৰ কাহিনী।

নাৰীৰ কঠোৰ জীৱন বৰ্ণনাৰে চুটি ছবি "পুষ্পিতা"ঃ 3


চুটি ছবিখনত ভায়েক- ভনীয়েকৰ মাজত থকা মিলাপ্ৰীতিৰ এক দৃশ্য দাঙি ধৰা হৈছে। বায়েক য’লৈ গৈছে পিছে পিছে বায়েকৰ সন্ধানত ভায়েকটোও আগবাঢ়িছে। সংলাপৰ বৰ-বেছি সমাৱেশ নহ’লেও ভংগিমাৰ সহায়ত ছবিখনৰ কাহিনীয়ে প্ৰাণ পাই উঠিছে।

নাৰীৰ কঠোৰ জীৱন বৰ্ণনাৰে চুটি ছবি "পুষ্পিতা"ঃ 4


অমিয়া ৰঞ্জন দাসৰ দৃশ্যগ্ৰহণ লেখত ল’বলগীয়া। প্ৰতিটো দৃশ্যৰ “পাৰফেক্ট শ্বট” কিছুমান পোৱা গৈছে। যেনে তামোলৰ ঢকুৱাত চুচঁৰি যোৱা, খেৰৰ চালিৰে বৰষুণৰ কণিকা নিগৰা আদি।

নাৰীৰ কঠোৰ জীৱন বৰ্ণনাৰে চুটি ছবি "পুষ্পিতা"ঃ 5


বাংগলুৰত আন্তঃৰাষ্ট্ৰীয় চুটি ছবিৰ পুৰস্কাৰপ্ৰাপ্ত “পুষ্পিতা” ত অভিনয় কৰিছে চুজেন গগৈ, ৰুদ্ৰ সাগৰ,কাজৰি কোঁৱৰ,মাদান।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.