Rupaliparda.com
বলীউডত নবাজুদ্দিন আৰু অথিয়াৰ ন-যুঁটিঃ 1

বলীউডত নবাজুদ্দিন আৰু অথিয়াৰ ন-যুঁটিঃ

পোন প্ৰথমবাৰৰ বাবে বলীউডত একেলগে দেখিবলৈ পোৱা যাব নৱাজুদ্দিন সিদ্দিকী আৰু অথিয়া চেট্টীক। “মোতীচোৰ চকনাচোৰ” শীৰ্ষক ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে তাৰকাদ্বয়ে। ৰোমান্টিক কমেডী কাহিনী সমৃদ্ধ এই ছবিখনৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পোষ্টাৰ তথা ট্ৰেইলাৰ মুকলি কৰি দিয়া হৈছে।

বলীউডত নবাজুদ্দিন আৰু অথিয়াৰ ন-যুঁটিঃ 2


পোষ্টাৰখন দেখাত সাধাৰণ লাগিলেও তাত থকা এটা টুইষ্টে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ পৰিছে। পোষ্টাৰখনত নৱাজুদ্দিন আৰু অথিয়াক দৰা-কইনা সাঁজত দেখিবলৈ পোৱা গৈছে। কিন্তু, নৱাজুদ্দিন দৰা সাজেৰেই দৰা বহা চকীত বহি আছে আৰু আনপিনে অথিয়া বহি আছে কইনা সাঁজেৰে এৰো’প্লেনৰ চিটত।

https://www.instagram.com/p/B3eldsNBSFP/?utm_source=ig_web_copy_link


উক্ত ছবিখনেৰেই দেৱমিত্ৰ হসনে পৰিচালনাৰ ডেবিউ কৰিব। ভূপালত শ্বুটিং সম্পন্ন হোৱা এই ছবিখনত নৱাজুদ্দিন-অথিয়াৰ উপৰিও অভিনয় কৰিছে বিভা ছিব্বৰ নবীন পৰিহাৰ, বিবেক মিশ্ৰা, কৰুণা পাণ্ডে, সঞ্জীৱ বত্স আৰু অভিষেক ৰাবত বগেৰহে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.