Rupaliparda.com
"আয়ূসমান খুৰানাৰ সৈতে মই তুলনা হ'ব নিবিচাৰো"- সানী সিং 1

“আয়ূসমান খুৰানাৰ সৈতে মই তুলনা হ’ব নিবিচাৰো”- সানী সিং

চলিত বৰ্ষতে বলীউডৰ “তপা” লোকৰ কাহিনীৰে মুক্তি পাব দুখনকৈ ছবি। এখন হৈছে আয়ূসমান খুৰানা অভিনীত “বালা” আৰু আনখন হৈছে সানী সিং অভিনীত “উজড়া চমন”। দুয়োখন ছবিৰ কাহিনী প্ৰায় একে যদিও আয়ূসমান খুৰানাৰ সৈতে সানী সিং ৰ তুলনা কৰাত এতিয়া অশান্ত হৈ পৰিছে অভিনেতা সানী সিং।

"আয়ূসমান খুৰানাৰ সৈতে মই তুলনা হ'ব নিবিচাৰো"- সানী সিং 2


উক্ত বিষয়টো সন্দৰ্ভত সানী সিঙে কয় যে, “মই এই সকলোবোৰৰ পৰা দূৰত। মই এখন ছবিত অভিনয় কৰিছো; যিখনৰ প্ৰায় সংখ্যক মিল আয়ূসমান খুৰানা অভিনীত “বালা” ৰ লগত আছে বুলি শুনিবলৈ পাইছো। প্ৰথমতেটো অনুভৱ হৈছিল, এনেকুৱা কেনেকৈ হ’ব পাৰে কিন্তু পিছলৈ এই সকলো বোৰ ঠিক লাগিবলৈ ল’লে।”


ইয়াৰ পিছতেই অভিনেতা সানীয়ে আয়ূসমান খুৰানাক ভাল পোৱাৰ লগতে তেওঁৰ অভিনয়ৰো অনুৰাগী বুলি মন্তব্য কৰে। লগতে তেওঁ কয় যে,”মই তেওঁক ভাল পাওঁ যদিও মোক তেওঁৰ লগত কোনেও তুলনা কৰাটো মই নিবিচাৰো।”


আপোনালোকক জনাই থওঁ যে, উক্ত দুয়োখন ছবিয়ে নৱেম্বৰ মাহত এদিনৰ অগা-পিছাকৈ মুক্তি লাভ কৰিব।য’ত “উজড়া চমন” ৮ নৱেম্বৰ তাৰিখে আৰু “বালা” ই মুক্তি লাভ কৰিব ৭ নৱেম্বৰ তাৰিখে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.