প্ৰতিভাসম্পন্ন অভিনেতা সমূহৰ ভিতৰত উল্লেখ্যযোগ্য এটা নাম হৈছে ৰাজকুমাৰ ৰাওঁ। কেইবাখনো ছবিত কৰা অভিনয়ৰ যোগেৰে তেওঁ দৰ্শকক এই কথাৰ প্ৰমাণো দিছে। ইয়াৰ পিছতেই, অভিনেতা গৰাকীয়ে কৰণ জহৰৰ “দোস্তানা ২” ছবিখন এৰি দিয়া কথা বৰ্তমান সমুখলৈ আহিছে।

“দোস্তানা” ৰ চিকুৱেলত দেখিবলৈ পোৱা যাব কাৰ্তিক আৰিয়ন, জান্হৱী কাপুৰ আৰু নতুনকৈ বলীউডত খোজ দিয়া লক্ষ্যকো। কিছু দিন পূৰ্বে হৈ যোৱা এটা সাক্ষাৎকাৰত ৰাজকুমাৰে নিজেই জনাই যে তেওঁ নিজ ইচ্ছাৰে এই ছবিখন এৰিছে লগতে তেওঁ কয় যে কৰণ ভাৰতৰ এগৰাকী খুব প্ৰতিভাৱান ফিল্মমেকাৰ আৰু কৰণ জহৰৰ সৈতে অতি সোনকালে কাম কৰিবলৈ পাব বুলি আশা কৰে ৰাজকুমাৰ ৰাওঁৱে।

“দোস্তানা ২” ছবিখন এৰাৰ কাৰণ সন্দৰ্ভত ৰাজকুমাৰে কয় যে, ” প্ৰিয়ংকা চোপ্ৰাৰ সৈতে মোৰ আহিবলগীয়া ছবিখনৰ শ্বুটিং তেতিয়াই আৰম্ভ হ’বলগীয়া আছিল যেতিয়া “দোস্তানা ২” ৰ শ্বুটিং আৰম্ভ হ’ব। প্ৰিয়ংকা চোপ্ৰাৰ সৈতে মোৰ আহিবলগীয়া ছবিখনৰ কাহিনীটোও আছলতে অতি ভাল; ছবিখন নিৰ্মাণ কৰিছে মোৰেই ক্লাছ মেট কাঁলিন ডিসুনাই।”
Add comment