Rupaliparda.com
ভূত খেদা বাবা ৰূপত এইবাৰ নৱাজুদ্দিনঃ 1

ভূত খেদা বাবা ৰূপত এইবাৰ নৱাজুদ্দিনঃ

পৰিচালক ফৰহাদ সামজীৰ ছবি “হাউচফুল ৪” ৰ আৰু এটা নতুন গীত “ভূত ৰাজা” ই লাভ কৰিলে মুক্তি। গীতটোত ছবিখনৰ মূখ্য চৰিত্ৰত অভিনীত আটাইকেইজন অভিনেতা-অভিনেত্ৰীৰ সৈতে দেখিবলৈ পোৱা যাব নৱাজুদ্দিন সিদ্দিকো।


গীতটিত কন্ঠদান কৰিছে মীকা সিং আৰু ফৰহাদে। অভিনেতা নৱাজুদ্দিনক এক নতুন ৰূপত দেখিবলৈ পোৱা গৈছে এই গীতটিত। অক্ষয় কুমাৰে নিজ ইনষ্টাগ্ৰাম একাউন্টত কৰা এটি পোষ্টৰ জৰিয়তে এই গীতটি দৰ্শকৰ মাজত উলিয়াই দিয়ে।


“হাউচফুল ৪” ছবিখনত পুনৰ জনমৰ কাহিনী অৰ্থাৎ ১৪১৯ ৰ পৰা ২০১৯ ৰ সময়লৈ দেখিব পোৱা যাব। অহা ২৫ অক্টোবৰ তাৰিখে ছবিখনে মুক্তি লাভ কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.